உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • T20 World Cup: মহম্মদ ছামীক লৈ BCCIয়ে দিলে বিশেষ বাৰ্তা, পাকিস্তানৰ হাতত পৰাজয়ৰ পিছতে হৈছিল ট্ৰ'ল

    T20 World Cup: মহম্মদ ছামীক লৈ BCCIয়ে দিলে বিশেষ বাৰ্তা, পাকিস্তানৰ হাতত পৰাজয়ৰ পিছতে হৈছিল ট্ৰ'ল

    BCCIয়ে মহম্মদ ছামী ((Mohammed Shami)ৰ ফটো এখনৰ সৈতে ছচিয়েল মিডিয়াত লিখিছে, "গৰ্ব, মজবুট, ওপৰলৈ চাওক আৰু আগবাঢ়ক।"

    BCCIয়ে মহম্মদ ছামী ((Mohammed Shami)ৰ ফটো এখনৰ সৈতে ছচিয়েল মিডিয়াত লিখিছে, "গৰ্ব, মজবুট, ওপৰলৈ চাওক আৰু আগবাঢ়ক।"

    BCCIয়ে মহম্মদ ছামী ((Mohammed Shami)ৰ ফটো এখনৰ সৈতে ছচিয়েল মিডিয়াত লিখিছে, "গৰ্ব, মজবুট, ওপৰলৈ চাওক আৰু আগবাঢ়ক।"

    • Share this:
    ক্ৰিকেটাৰ মহম্মদ ছামী (Mohammed Shami)ক লৈ  BCCIয়ে দিলে বিশেষ বাৰ্তা। টি-২০ বিশ্বকাপত (T20 World Cup) প্ৰথমখন খেলতে টীম ইণ্ডিয়া ১০ উইকেটত পৰাজিত হৈছে চিৰবৈৰী পাকিস্তান (India vs Paksitan)ৰ হাতত। এই পৰাজয়ৰ পিছৰে পৰা একাংশ লোকে ছচিয়েল মিডিয়াত ট্ৰ'ল কৰি আছে মহম্মদ ছামীক। খেলত ছামীৰ প্ৰদৰ্শনক তেওঁৰ ধৰ্মৰ সৈতে সাঙুৰি টিৰ'ল কৰিছিল হতাশগ্ৰস্ত একাংশ লোকে। এই কাণ্ড ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে বিৰোধ কৰিছিল সকলো ক্ৰিকেটাৰে। শেহতীয়াকৈ  BCCIয়েও ছামীৰ সমৰ্থনত দিছে বিশেষ বাৰ্তা। টীম ইণ্ডিয়া (Team India)ই ৩১ অক্টোবৰত নিউজীলেণ্ডৰ মুখামুখি হ'ব।

    BCCIয়ে মহম্মদ ছামীৰ ফটো এখনৰ সৈতে ছচিয়েল মিডিয়াত লিখিছে, "গৰ্ব, মজবুট, ওপৰলৈ চাওক আৰু আগবাঢ়ক।" ইয়াৰ পূৰ্বে প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বিৰেন্দ্ৰ ছেহৱাগ, গৌতম গম্ভীৰ, ইৰফান পঠান আদিয়ে ট্ৰ'লৰ বিৰোধিতা কৰি ছামীৰ সমৰ্থনত ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। উল্লেখ্য যে পাকিস্তানৰ বিপক্ষে ভাৰতৰ এজনো খেলুৱৈয়ে ভাল খেলিব পৰা নাছিল, এনেস্থলত কেৱল মহম্মদ ছামীকে আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো আচৰিতজনক!



    উল্লেখ্য যে দেওবাৰে বিশ্বকাপত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ হাতত পৰাস্ত হৈছিল ভাৰত।
    Published by:Manjumoni Borah
    First published: