உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • শুভমন গিলে Elon Muskক কিনিবলৈ ক'লে Swiggy, তাৰ পিছত ছচিয়েল মিডিয়াত কি গতি হ'ল ক্ৰিকেট তাৰকাজনৰ

    শুভমন গিলে Elon Muskক কিনিবলৈ ক'লে Swiggy, তাৰ পিছত ছচিয়েল মিডিয়াত কি গতি হ'ল ক্ৰিকেট তাৰকাজনৰ

    ইলন মাস্কে (Elon Musk) ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছে। তাৰ পিছৰ পৰাই বহুতেই ইলন মাস্কক আন কোম্পানী কিছুমান ক্ৰয় কৰিবলৈ পৰামৰ্শ দি আছে। ভাৰতীয় ক্ৰিকেট খেলুৱৈ শুভমান গিল (Subhman Gill)ৰ নামো এই তালিকাত যোগ হৈছে।

    • Share this:
    ইলন মাস্কে (Elon Musk) ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছে। ২৫ এপ্ৰিলত টুইটাৰ কিনি বিশ্ববাসীক চমকিত কৰি তুলিছিল ইলনে। তাৰ পিছৰ পৰাই বহুতেই ইলন মাস্কক আন কোম্পানী কিছুমান ক্ৰয় কৰিবলৈ পৰামৰ্শ দি আছে। ভাৰতীয় ক্ৰিকেট দলৰ যুৱ খেলুৱৈ শুভমান গিল (Subhman Gill)ৰ নামো এই তালিকাত যোগ হৈছে।

    শুভমান গিলে এটা টুইটত লিখিছিল, "ইলন মাস্ক, অনুগ্ৰহ কৰি সোনকালে ছুইগি (Swiggy) কিনি লওক। যাতে ই সময়মতে ডেলিভাৰী কৰিব পাৰে।" গিলে তেওঁৰ টুইটত এলন মাস্কক টেগ কৰিছিল। মাস্কে ইয়াৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। কিন্তু অনুৰাগীসকলে শুভমনক ভালকৈ ক্লাছ লৈছে।

    অনুৰাগীসকলে শুভমানক ট্ৰল কৰিলে

    এজন ইউজাৰে মন্তব্য কৰিছিল, "আপোনাৰ টি-20 বেটিঙতকৈ ছুইগিৰ গতি দ্ৰুত।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল যে শুভমানৰ ষ্ট্ৰাইক ৰেট এই ছিজনত বিৰাট কোহলীতকৈ কোনোপ্ৰকাৰে ভাল নহয়। একে সময়তে, এগৰাকী মহিলা অনুৰাগীয়ে লিখিছিল যে আপোনাক কিয় ছুইগিৰ প্ৰয়োজন। মই আপোনাৰ বাবে ৰান্ধিব পাৰোঁ।

    ছুইগীয়েও উত্তৰ দিলে

    ছুইগি কোম্পানীয়ে শুভমান গিলৰ পোষ্টত প্ৰতিক্ৰিয়া জনাইছিল। "হাই শুভমান গিল, টুইটাৰ হওক বা নহওক। আমি মাত্ৰ বিচাৰো যে আপোনাৰ অৰ্ডাৰৰ সৈতে সকলো ঠিক হৈ থাকক। আপোনাৰ অৰ্ডাৰৰ সকলো বিৱৰণৰ সৈতে আমাক ডিএমত জনাওক। আমি ইয়াৰ ওপৰত দ্ৰুতগতিত কাম কৰিম।

    ইয়াৰ পিছত, কোম্পানীটোৱে আন এটা টুইটত কৈছিল যে তেওঁলোকে খেলুৱৈজনৰ বাৰ্তা পাইছে, কামটো সোনকালেই সম্পন্ন কৰা হ'ব।
    Published by:Manjumoni Borah
    First published: