ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটৰ প্ৰতি থকা প্ৰেম কেতিয়াও বিশ্বৰ পৰা লুকাই থকা নাই। দুয়োখন দেশতে লাখ লাখ ক্ৰিকেট অনুৰাগী আছে, যিয়ে আইচিচিৰ ইভেণ্টত নিজৰ দলৰ যুঁজ চাবলৈ অপেক্ষা কৰে। কিন্তু ক্ৰিকেট বৰ্ড দুখনৰ মাজত বৰ্তমানৰ সমীকৰণটো একেবাৰেই সঠিক দেখা পোৱা নাই। এই সকলোবোৰ আৰম্ভ হৈছিল যেতিয়া এছিয়ান ক্ৰিকেট কাউন্সিলৰ নৱনিযুক্ত অধ্যক্ষ জে শ্বাহে কয় যে টীম ইণ্ডিয়াই এছিয়া কাপ ২০২৩ৰ বাবে পাকিস্তানলৈ নাযায়। এই বক্তব্যক আদৰণি জনোৱা নাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী ৰমীজ ৰাজাই। তেওঁ উত্তৰ দিয়ে যে যদি এনেকুৱা হয় তেন্তে বাবৰ আজমৰ নেতৃত্বত থকা দলটোও অহা বছৰ অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপৰ বাবে ভাৰতলৈ নাযায়৷ ইয়াৰ লগতে তেওঁ কয় যে যদি পাকিস্তান আউট হয় তেন্তে ইয়াৰ প্ৰভাৱ দৰ্শকৰ সংখ্যাৰ ওপৰতো হ’ব পাৰে।
ৰমীজ ৰাজাৰ বক্তব্যৰ পিছত ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও মন্তব্য কৰে, তাৰ পিছত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছলমান বাটেও এই বিতৰ্কত জপিয়াই পৰে। ছলমান বাটে ৰমীজ ৰাজাৰ বক্তব্যৰ সৈতে একমত হৈ কয় যে যদি আই চি চিৰ ইভেণ্টত ভাৰত বনাম পাকিস্তানৰ কোনো খেল নাথাকে তেন্তে দৰ্শকৰ আগ্ৰহ কম হ’ব। উল্লেখযোগ্য যে, ৰমীজ ৰাজাই উৰ্দু নিউজত কয়, "আমি ২০২১ চনৰ টী-২০ বিশ্বকাপত ভাৰতক পৰাস্ত কৰিছিলো। টী-২০ এছিয়া কাপত আমি ভাৰতক পৰাস্ত কৰিলোঁ। এবছৰত পাকিস্তান ক্ৰিকেট দলে কোটি কোটি টকাৰ অৰ্থনীতিৰ দল এটাক দুবাৰকৈ পৰাস্ত কৰে।"
ৰমীজ ৰাজাৰ এই বক্তব্যৰ পিছত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাজাক সোঁৱৰাই দিয়ে যে ভাৰতক কোনো দেশেই আওকাণ কৰিব নোৱাৰে। ঠাকুৰে এএনআইত কয়, “সঠিক সময়ৰ বাবে অপেক্ষা কৰক। ক্ৰীড়াৰ জগতত ভাৰত এক বৃহৎ শক্তি আৰু কোনো দেশেই ভাৰতক আওকাণ কৰিব নোৱাৰে।"
এতিয়া এই বিতৰ্কত ভাগ লৈ ছলমানে কয়, “আমি কি ক’ম? এজন পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী আৰু আনজন ভাৰতৰ ক্ৰীড়া মন্ত্ৰী। য’ত এজনে ভেনিলা আইচক্ৰীম ভাল বুলি ক’ব আৰু বিপৰীতে আনজনে চকলেট বুলি ক’ব। কিছুমানে ইয়াক মঞ্চ হিচাপে ব্যৱহাৰ কৰি তাৰ ওপৰত থিয় হৈ থাকে। ৰাজনৈতিক দিশ এটা সদায় থাকে যদিও মূল বিষয়টো হ’ল ক্ৰিকেটৰ উন্নতি।”
তদুপৰি ছলমান বাটে কয়, “ৰমিজ ৰাজাই ঠিকেই কৈছে। যিসকল লোকে পাকিস্তানৰ ক্ৰিকেট অনুসৰণ কৰে আৰু দলৰ অনুৰাগী, যদি পাকিস্তানে খেলিব নোৱাৰে তেন্তে তেওঁলোকৰ আগ্ৰহৰ পৰিমাণ কম হ’ব। যদি ভাৰত-পাকিস্তানৰ মেচখন নহয়, তেন্তে লাভালাভ কৰি থকা বহু লোকে লোকচানৰ সন্মুখীন হ’ব লাগিব৷ মানুহে সঁচাকৈয়ে ভাৰত-পাকিস্তান ক্ৰিকেট চাব বিচাৰে। তেওঁলোকে বিচাৰে ভাৰত পাকিস্তানলৈ আৰু পাকিস্তান ভাৰতলৈ যাওক। তেওঁলোকে সম্পৰ্ক উন্নত কৰিব বিচাৰে।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|