মিচেল মাৰ্ছ আৰু ডেভিদ ৱাৰ্ণাৰৰ সুন্দৰ বেটিঙৰ বাবে দিল্লী কেপিটেলছে আই পি এলৰ (IPL 2022) ৫৮ সংখ্যক খেলত ৰাজস্থান ৰয়েলছক (DC vs RR) ৮ উইকেটত পৰাস্ত কৰে।
মিচেল মাৰ্ছ আৰু ডেভিদ ৱাৰ্ণাৰৰ সুন্দৰ বেটিঙৰ বাবে দিল্লী কেপিটেলছে আই পি এলৰ (IPL 2022) ৫৮ সংখ্যক খেলত ৰাজস্থান ৰয়েলছক (DC vs RR) ৮ উইকেটত পৰাস্ত কৰে।
মিচেল মাৰ্চ আৰু ডেভিদ ৱাৰ্ণাৰৰ সুন্দৰ বেটিঙৰ বাবে দিল্লী কেপিটেলছে আই পি এলৰ (IPL 2022) ৫৮ সংখ্যক খেলত ৰাজস্থান ৰয়েলছক (DC vs RR) ৮ উইকেটত পৰাস্ত কৰে। ১২ খন খেলত এইটো দিল্লীৰ ষষ্ঠ জয়। ঋষভ পন্তৰ অধিনায়কত্বত, দিল্লী কেপিটেলছৰ ১২ পইণ্ট আছে আৰু পইণ্ট তালিকাৰ পাঁচ নম্বৰত আছে। আনহাতে, ১২ খন খেলত এয়া ৰাজস্থানৰ ৫ম পৰাজয়। ৰাজস্থানৰ দলটো ১৪ পইণ্টৰ সৈতে তৃতীয় স্থানত আছে।
ৰাজস্থান ৰয়েলছৰ দ্বাৰা নিৰ্ধাৰিত ১৬১ ৰাণৰ লক্ষ্যৰ পিছে পিছে দিল্লী কেপিটেলছে ১৮.১ অভাৰত ২ উইকেটত জয়লাভ কৰে। দিল্লী কেপিটেলছৰ হৈ মিচেল মাৰ্চে সৰ্বাধিক ৬২ টা বলত ৮৯ ৰাণ সংগ্ৰহ কৰে য'ত ৫টা চাৰি আৰু ৭ টা ছয় অন্তৰ্ভুক্ত আছিল। ডেভিদ ৱাৰ্ণাৰে ৪১ টা বলত ৫টা চাৰি আৰু এটা ছয়ৰ সহায়ত অপৰাজিত ৫২ ৰাণ সংগ্ৰহ কৰিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|