• Home
  • »
  • News
  • »
  • sports
  • »
  • অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে ক'লে, "এই মুহূৰ্তত, মই টীম ইণ্ডিয়াত স্থান পোৱাৰ যোগ্য নহয়।"

অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে ক'লে, "এই মুহূৰ্তত, মই টীম ইণ্ডিয়াত স্থান পোৱাৰ যোগ্য নহয়।"

ৰিয়ান পৰাগে কৈছে যে তেওঁ এই মুহূৰ্তত টীম ইণ্ডিয়াত স্থান পোৱাৰ যোগ্য নহয়। আই পি এলৰ (IPL 2022) ১৫ তম ছিজনত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল।

ৰিয়ান পৰাগে কৈছে যে তেওঁ এই মুহূৰ্তত টীম ইণ্ডিয়াত স্থান পোৱাৰ যোগ্য নহয়। আই পি এলৰ (IPL 2022) ১৫ তম ছিজনত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল।

ৰিয়ান পৰাগে কৈছে যে তেওঁ এই মুহূৰ্তত টীম ইণ্ডিয়াত স্থান পোৱাৰ যোগ্য নহয়। আই পি এলৰ (IPL 2022) ১৫ তম ছিজনত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলে বৰ্তমান দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন টি-২০ শৃংখলা খেলি আছে। ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহকে ধৰি বহুতো ডাঙৰ খেলুৱৈ এই শৃংখলাৰ অংশ নহয়। দলটোক উইকেটকিপাৰ বেটছমেন ঋষভ পন্তে কমাণ্ড কৰিছে। ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগকে ধৰি কেইবাজনো যুৱ খেলুৱৈকো দলৰ পৰা বাদ দিয়া হৈছে। অসমৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা ৰিয়ান পৰাগে কৈছে যে তেওঁ এই মুহূৰ্তত টীম ইণ্ডিয়াত স্থান পোৱাৰ যোগ্য নহয়।

আই পি এলৰ (IPL 2022) ১৫ তম ছিজনত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল। অৱশ্যে, গুজৰাট টাইটানছৰ বিৰুদ্ধে খিতাপ সংঘৰ্ষত সঞ্জু চেমছনৰ নেতৃত্বত দলটোৱে পৰাজয়ৰ সন্মুখীন হয় আৰু চেম্পিয়ন হোৱাৰ সপোন ভাঙি পৰে। অৱশ্যে ৰিয়ানে ছিজনত বেটিং কৰাৰ বিশেষ সুযোগ নাপালে। তেওঁ ফিল্ডিঙত ভাল প্ৰদৰ্শন কৰিছিল আৰু ছিজনত মুঠ ১৭ টা কেচ লৈছিল।

তেওঁ স্পৰ্টছ টকৰ সৈতে হোৱা বাৰ্তালাপত কয়, "মেচখন জিকাটো (মোৰ দলৰ বাবে) গুৰুত্বপূৰ্ণ। মই এইটো কেইখনমান মেচত কৰিছিলো, কিন্তু সেয়া পৰ্যাপ্ত নহয়। যদি মই এখন প্ৰতিযোগিতাত মোৰ দলৰ হৈ ৬-৭ খন মেচ জিকাব পাৰো, তেন্তে হে মই হিচাপত থাকিম। এই মুহূৰ্তত, যদি মোৰ নাম ভাৰতীয় দলৰ বাবে সম্ভাৱ্য (তালিকা)ত আহে, মই ভাল অনুভৱ নকৰো। মই এই মুহূৰ্তত ইয়াৰ যোগ্য নহয়।"

২০ বছৰীয়া খেলুৱৈজনে কয় আই পি এল-২০২২ত ১৭ খন মেচ খেলিছিল আৰু ৰয়েলছৰ হৈ মাত্ৰ ১৮৩ ৰাণ সংগ্ৰহ কৰিছিল আৰু লগতে ১ টা উইকেট লৈছিল, আগন্তুক ছিজনত মোৰ আত্মবিশ্বাস বৃদ্ধি পাব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি