মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »No Ball Controversy: ঋষভ পন্ত-শাৰ্দুল ঠাকুৰক জৰিমনা ! DCৰ সহকাৰী প্ৰশিক্ষকক নিলম্বন ...

No Ball Controversy: ঋষভ পন্ত-শাৰ্দুল ঠাকুৰক জৰিমনা ! DCৰ সহকাৰী প্ৰশিক্ষকক নিলম্বন ...

IPL 2022: DC vs RR: দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত নো-বলক লৈ অসন্তুষ্টি, মেচখন ব্যাহত কৰাৰ বাবে আৰু আম্পায়াৰক সমালোচনা কৰাৰ বাবে শাস্তিৰ সন্মুখীন হৈছে।

IPL 2022: DC vs RR: দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত নো-বলক লৈ অসন্তুষ্টি, মেচখন ব্যাহত কৰাৰ বাবে আৰু আম্পায়াৰক সমালোচনা কৰাৰ বাবে শাস্তিৰ সন্মুখীন হৈছে।

  • Share this:
IPL 2022: DC vs RR: দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত নো-বলক লৈ অসন্তুষ্টি, মেচখন ব্যাহত কৰাৰ বাবে আৰু আম্পায়াৰক সমালোচনা কৰাৰ বাবে শাস্তিৰ সন্মুখীন হৈছে। আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে পণ্টক তেওঁৰ খেল মাচুলৰ ১০০ শতাংশ জৰিমনা বিহা হৈছে। অৰ্থাৎ, তেওঁলোকৰ সমগ্ৰ মেচ মাচুল কৰ্তন কৰা হৈছে। পন্তৰ উপৰিও দিল্লী কেপিটেলছৰ বলাৰ শাৰ্দুল ঠাকুৰ আৰু সহকাৰী প্ৰশিক্ষক প্ৰবীণ আমৰেকো জৰিমনা বিহা হৈছে। এই বিবাদৰ সময়ত আমৰে গ্ৰাউণ্ডলৈ গৈছিল। তেওঁক এখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছে। একে সময়তে, তেওঁক মেচ মাচুলৰ 1১০০% জৰিমনাও দিয়া হৈছে।

শাৰ্দুল ঠাকুৰক আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে তেওঁৰ খেলৰ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে। পন্তে আই পি এলৰ আচৰণ বিধিৰ অধীনত অনুচ্ছেদ ২.৭ ৰ স্তৰ ২ উলংঘা কৰাৰ অভিযোগ স্বীকাৰ কৰিছে। শাৰ্দুলক খেলখনত ঋষভ পন্তক সমৰ্থন কৰাৰ বাবে অনুচ্ছেদ ২.৮ ৰ স্তৰ ২ ভংগ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। ঠাকুৰেও তেওঁৰ শাস্তি স্বীকাৰ কৰিছে।

শেহতীয়া বাতৰি