যশস্বী জয়ছোৱালৰ ৫৯ ৰাণৰ ইনিংছৰ পিছত আৰ অশ্বিনৰ অপৰাজিত ৪০ ৰাণৰ সহায়ত ৰাজস্থান ৰয়েলছে আই পি এল ২০২২ৰ (IPL 2022) ৬৮ তম মেচত চেন্নাই চুপাৰ কিংছক (CSK vs RR) ৫ উইকেটত পৰাস্ত কৰে।
ৰাজস্থানে চেন্নাইৰ বিৰুদ্ধে জয়লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ আগবাঢ়িছে। টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেটিং কৰি চেন্নাইয়ে নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰে। মইন আলীয়ে সৰ্বাধিক ৯৩ ৰাণ সংগ্ৰহ কৰে। মইনৰ বেটিঙলৈ চাই এনে লাগিছিল যে চেন্নাইয়ে ডাঙৰ স্ক'ৰ কৰিব, কিন্তু তেওঁ আউট হোৱাৰ পিছত চেন্নাইৰ গতি হ্ৰাস পাইছিল। মইনৰ উপৰিও এম এছ ধোনীয়ে চিএছকেৰ হৈ সৰ্বাধিক ২৬ ৰাণ সংগ্ৰহ কৰে। ডেভন কনৱেই ১৬ ৰাণ সংগ্ৰহ কৰিছিল।
প্ৰত্যুত্তৰত ১৫১ ৰানৰ লক্ষ্য লৈ ৰাজস্থানে অন্তিম অভাৰত অশ্বিন-ৰিয়ানৰ যুটীয়ে বিজয়লক্ষ্যত উপনীত কৰোৱায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|