বাবৰ আজমৰ নেতৃত্বত পাকিস্তানে চুপাৰ-৪ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনৰ গ্ৰুপ ৰাউণ্ডৰ (এছিয়া কাপ ২০২২) অন্তিম খন খেলত শুকুৰবাৰে পাকিস্তানে হংকংক ১৫৫ ৰাণত চূৰ্ণ-বিচূৰ্ণ কৰে। ৰাণৰ ক্ষেত্ৰত এইটো দলটোৰ আটাইতকৈ ডাঙৰ জয়।
খেলখনত পাকিস্তানে প্ৰথমে বেট ধৰি ২ উইকেটত ১৯৩ ৰাণৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰে। মহম্মদ ৰিজৱানে অপৰাজিত ৭৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ফখৰ জামানেও অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ প্ৰত্যুত্তৰত হংকং ১০.৪ অভাৰত ৩৮ ৰাণত অল আউট হয়। এইটো দলটোৰ সৰ্বনিম্ন নম্বৰ। মহম্মদ নৱাজে ৩ টা উইকেট লোৱাৰ সময়ত শাদাব খানে ৪ টা উইকেট দখল কৰিছিল। এতিয়া চুপাৰ-৪ত ভাৰত আৰু পাকিস্তানে ৪ ছেপ্টেম্বৰৰ দেওবাৰে পুনৰ মুখামুখি হ'ব। গ্ৰুপ ৰাউণ্ডত ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে।
লক্ষ্যৰ পিছে পিছে হংকঙৰ দলটো আৰম্ভণিৰ পৰাই বিফল হৈ পৰিছিল। দলটোৰ কোনো বেটছমেন দহকৰ ঘৰত উপনীত হ'ব নোৱাৰিলে। কেপ্টেইন নিজাকত খানে সৰ্বাধিক ৮ ৰাণ সংগ্ৰহ কৰে। লেগ স্পিনাৰ শাদাব খানে ৪টা উইকেট লাভ কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : September 03, 2022, 05:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।