உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • ICC Awards 2021: বাবৰৰ সন্মুখত নিষ্প্ৰভ কোহলী, ক্ৰিকেটত ভাৰতক অতিক্ৰম কৰিলে পাকিস্তানে! প্ৰথমবাৰৰ বাবে ৩টা ICC বঁটা দখল পাকিস্তানৰ

    ICC Awards 2021: বাবৰৰ সন্মুখত নিষ্প্ৰভ কোহলী, ক্ৰিকেটত ভাৰতক অতিক্ৰম কৰিলে পাকিস্তানে! প্ৰথমবাৰৰ বাবে ৩টা ICC বঁটা দখল পাকিস্তানৰ

    Babar Ajam Vs Virat Kohli

    Babar Ajam Vs Virat Kohli

    বাবৰ আজম (Babar Azam)এ ২০২১ চনৰ এদিনীয়া খেলৰ ICCৰ শ্ৰেষ্ঠ খেলুৱৈৰ কৃতিত্ব লাভ কৰিছে। মহম্মদ ৰিজৱানে (Mohammad Riwan) টি-২০ৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্বাহিন আফ্ৰিদী (Shaheen Afridi)য়ে ICCৰ ক্ৰিকেটাৰ অফ দা ইয়েৰ বঁটা লাভ কৰে।

    • Share this:
    পাকিস্তানৰ ক্ৰিকেটাৰ (Pakistan Cricketer)সকলে এইবাৰ ৩টা আইচিচি বঁটা (ICC Award) দখল কৰিছে। প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ক্ৰিকেটাৰসকলে এই কৃতিত্ব লাভ কৰাত সফল হৈছে। পাকিস্তানৰ কেপ্টেইন বাবৰ আজম (Babar Azam)এ ২০২১ চনৰ এদিনীয়া খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ কৃতিত্ব লাভ কৰিছে। ইয়াৰ উপৰি, মহম্মদ ৰিজৱানে (Mohammad Rizwan) টি-২০ৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে আৰু বাওঁহতীয়া ফাষ্ট বলাৰ শ্বাহিন আফ্ৰিদী (Shaheen Afridi)য়ে ক্ৰিকেটাৰ অফ দা ইয়েৰ বঁটা লাভ কৰে। আনহাতে এই বছৰ ভাৰতৰ কোনো খেলুৱৈয়ে ICCৰ  বঁটা লাভ কৰিব নোৱাৰিলে। ২০১৬ চনৰ পিছত এইটো প্ৰথম বছৰ যে ভাৰতীয় খেলুৱৈসকলে (Team India) কোনো পুৰস্কাৰ লাভ কৰা নাই। এই ক্ষেত্ৰত ২০২১ বৰ্ষটো টীম ইণ্ডিয়াৰ বাবে অতি বেয়া বুলি ক'ব পাৰি।

    ইমানেই নহয়, কোনো ভাৰতীয় খেলুৱৈয়ে আইচিচিৰ ২০২১ৰ এদিনীয়া আৰু টি-২০ দলত স্থান লাভ কৰিব নোৱাৰিলে। পাকিস্তানৰ বাবৰ আজম দুয়োটা দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে। কেৱল এয়াই নহয়, যোৱা বছৰ টি-২০ বিশ্বকাপত (T20 World Cup 2021) পাকিস্তানে ভাৰতক (India vs Pakistan) ১০ উইকেটত পৰাস্ত কৰিছিল। বিশ্বকাপৰ ইতিহাসত পাকিস্তানে প্ৰথমবাৰৰ বাবে ভাৰতক পৰাস্ত কৰিছিল। এই খেলখনত বাবৰ আজম অধিনায়ক আছিল। কেৱল সেয়াই নহয় তেওঁ অৰ্ধশতক অৰ্জন কৰি অপৰাজিত হৈ উভতিছিল।


    পাকিস্তানে অধিক মেচ জয় কৰিছে

    2021 চনত পাকিস্তান হৈছে টেষ্ট, এদিনীয়া, টি-20 তিনিওটা ফৰ্মেটত সৰ্বাধিক মেচ বিজয়ী দল। পাকিস্তানে ২৯ খন মেচ জয় কৰিছে ২০২১ত। ভাৰতীয় দলটোৱে ২২টা জয়ৰ সৈতে দ্বিতীয় স্থান লাভ কৰিছে। এই বছৰৰ টি-২০ বিশ্বকাপ (T20 World Cup 2022)ৰ উপৰিও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) খেলা হ'ব। কিন্তু এই মুহূৰ্তত ভাৰতীয় দলটো এটা পৰিৱৰ্তনৰ মাজেৰে গৈ আছে।



    বিৰাটক লৈ বিতৰ্কই চাপ বৃদ্ধি কৰিছিল

    বিৰাট কাহেলীয়ে (Virat Kohli) নিজেই টি-২ ৰ অধিনায়কত্ব ত্যাগ কৰিছিল। তাৰ পিছত তেওঁক এদিনীয়া দলৰ অধিনায়কত্বৰ পৰা আঁতৰোৱা হৈছিল। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত (India vs South Africa) ১-২ ব্যৱধানত পৰাজয়ৰ পিছত তেওঁ টেষ্ট দলৰ অধিনায়কত্বও ত্যাগ কৰে। ৰোহিত শৰ্মাক (Rohit Sharma) এদিনীয়া আৰু টি-২০ৰ নতুন অধিনায়ক হিচাপে মনোনীত কৰা হৈছে। টেষ্ট দলৰ নতুন অধিনায়কএতিয়াও ঘোষণা কৰা হোৱা নাই। ইফালে, কোহলী আৰু বিচিচিআইৰ (BCCI) মাজৰ বিতৰ্কই খেলুৱৈসকলৰ ওপৰত চাপ বৃদ্ধি কৰিছে। দলটোৱে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলাটো ০-৩ত পৰাজিত হৈছে।

    বাবৰে কোহলীৰ তুলনাত দুগুণ ৰাণ সংগ্ৰহ কৰিছিল

    ভাৰত আৰু পাকিস্তানৰ কথা সদায় বিৰাট কোহলী আৰু বাবৰ আজমৰ ক্ষমতাৰ সৈতে আৰম্ভ হয়। ২০২১ চনৰ কথা ক'লে বাবৰ আজম বহুত আগবাঢ়ি আছিল। তেওঁ তিনিওটা ফৰ্মেটৰ ৪৫টা ইনিংছত ৪১ৰ গড়ত ১৭৬০ ৰাণ সংগ্ৰহ কৰিছিল। ৩টা শতক আৰু ১৪টা অৰ্ধশতক অৰ্জন কৰিছিল। একে সময়তে কোহলীয়ে ৩০টা ইনিংছত ৩৭ৰ গড়ত মাত্ৰ ৯৬৪ ৰাণ সংগ্ৰহ কৰিছিল। কোহলীয়ে ১০টা অৰ্ধ-শতক অৰ্জন কৰিছিল। বাবৰে কোহলীৰ তুলনাত প্ৰায় দুগুণ ৰাণ সংগ্ৰহ কৰিছিল। অধিনায়কৰ সকলো দায়িত্ব এৰাৰ পিছত এই বছৰ কোহলীক এতিয়া কেৱল এজন খেলুৱৈ হিচাপে দেখা যাব। আনহাতে বাবৰে অধিনায়ক হিচাপে নিজৰ ছাপ ৰাখিব বিচাৰে।



    Published by:Manjumoni Borah
    First published: