ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা উইকেট কিপাৰ বেটচমেন মহেন্দ্ৰ ধোনীয়ে আজি ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে!এই কথা প্ৰকাশ কৰিছে বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে। আজি সন্ধিয়া ৭ বজাত মহেন্দ্ৰ সিং ধোনীয়ে এখন সংবাদমেল সম্বোধন কৰাৰ কথা। এই সংবাদমেলতে ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ কথা ঘোষণা কৰিব পাৰে।
ছচিয়েল মিডিয়াত এতিয়া বিয়পি পৰিছে ধোনীয়ে অৱসৰ লোৱাৰ খবৰছচিয়েল মিডিয়াত এতিয়া অধিনায়ক বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীৰ টুইটকলৈ চলিছে সৰব চৰ্চা। বৃহস্পতিবাৰে বিৰাট কোহলীয়ে নিজৰ টুইটাৰ একাউণ্টত এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে। ফটো খন ধোনী আৰু কোহলীয়ে মেচ জিকোৱাৰ পিছৰ এখন ফটো। ফটো খনত কোহলীয়ে লিখিছে, ‘ এইখন মেচ মই কেতিয়াও পাহৰি নাযাও। বিশেষকৈ ৰাতি এই জনে মোক ফিটনেচ টেষ্টৰ ফালে লৈ গ’ল’।
![]()
কিন্তু মহেন্দ্ৰ সং ধোনীয়ে আজি অৱসৰ ল’ব নে নাই সেই কথা আজি সন্ধিয়া ৭ বজাৰ পিছত হে সঠিককৈ ক’ব পৰা হ’ব। কিন্তু যদিহে ধোনীয়ে সঁচাকৈ অৱসৰ গ্ৰহণ কৰে তেন্তে ভাৰতীয় ক্ৰিকেট দলে হেৰুৱাব এক আপুৰুগীয়া সম্পদ!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|