
বাংলাদেশৰ বিৰুদ্ধে টি–২০ মেচত হেটট্ৰিক অৰ্জন কৰা দীপক চাহৰৰ গুৰুত্বপূৰ্ণ মন্তব্য
বাংলাদেশৰ বিৰুদ্ধে টি–২০ মেচত হেটট্ৰিক অৰ্জন কৰা দীপক চাহৰৰ গুৰুত্বপূৰ্ণ মন্তব্য
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান বেগী বলাৰ দীপক চাহৰ এতিয়া বিশেষ চৰ্চাত। চাহৰে দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে নাগপুৰ টি–২০ত হেটট্ৰিক অৰ্জনৰ লগতে ৬টা উইকেট দখল কৰি অভিলেখ সৃষ্টি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ ৪৮ ঘণ্টা পাৰ নহওতেই আকৌ এবাৰ হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয়। মঙলবাৰে ছৈয়দ মুস্তাক আলী ট্ৰফী (টি-২০)ত ৰাজস্থানৰ হৈ অংশগ্ৰহণ কৰি বিদৰ্ভৰ বিপক্ষে পুনৰ হেট্ৰিক অৰ্জন কৰে চাহৰে।
![]()
নিজৰ প্ৰদৰ্শনকলৈ এতিয়া সুখী দীপক।এটা সাক্ষাৎকাৰত দীপক চাহৰে কয় যে, ‘কঠিন সময়ত কিদৰে নিজক প্ৰস্তুত কৰিব লাগে সেই টিপচ মহেন্দ্ৰ সিং ধোনীয়ে দিছিল। এতিয়াও কঠিন সময়ত ধোনীৰ সেই টিচছে সহায় কৰে। তেওঁ পৰা বহু শিকিবলৈ পাইছো।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|