মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »ধোনীয়ে এইদৰে পালন কৰিলে পত্নী সাক্ষীৰ জন্মদিন, VIDEO ভাইৰেল

ধোনীয়ে এইদৰে পালন কৰিলে পত্নী সাক্ষীৰ জন্মদিন, VIDEO ভাইৰেল

ধোনী আৰু সাক্ষীৰ বিয়া ২০১০ চনৰ জুলাইত হৈছিল। বৰ্তমান তেওঁলোকৰ এটি কন্যা সন্তান আছে।

ধোনী আৰু সাক্ষীৰ বিয়া ২০১০ চনৰ জুলাইত হৈছিল। বৰ্তমান তেওঁলোকৰ এটি কন্যা সন্তান আছে।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী (MS Dhoni)ৰ পত্নী সাক্ষী ধোনীৰ (Sakshi Dhoni) আজি ৩৩সংখ্যক জন্মদিন। ধোনী বৰ্তমান পৰিয়ালৰ সৈতে ৰাঁচীত আছে। সাক্ষীৰ জন্মদিন পালনৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ’ত সাক্ষীক কেট কটা দেখা গৈছে, কাষত দেখা গৈছে মহেন্দ্ৰ সিং ধোনীক।

ধোনী আৰু সাক্ষীৰ বিয়া ২০১০ চনৰ জুলাইত হৈছিল। বৰ্তমান তেওঁলোকৰ এটি কন্যা সন্তান আছে। সাক্ষী ধোনী ইনষ্টাগ্ৰামত চৰ্চিত ভাৰতীয় তাৰকাসকলৰ ভিতৰত এগৰাকী। প্ৰায়ে খেলপথাৰত ধোনী আৰু তেওঁৰ দল চেন্নাই ছুপাৰ কিংছক উৎসাহ যোগোৱা দেখা যায় সাক্ষীক।

সাক্ষীৰ ইনষ্টাগ্ৰামত ৪৫ লাখ ফলোৱাৰ আছে। সাক্ষীৰ সৈতে ধোনীৰ প্ৰথম সাক্ষাৎ হৈছিল ২০০৭ চনত এখন হোটেলত, য’ত ইণ্টাৰ্ণ কৰিছিল সাক্ষীয়ে। প্ৰায়ে কোৱা হয় যে সাক্ষী আৰু ধোনী বাল্যকালৰ বন্ধু। দুয়োৰে পিতৃ বন্ধু আছিল। কিন্তু মাহী আৰু সাক্ষীৰ লাভষ্টৰীৰ এয়া সত্যতা নহয়।


এক সাক্ষাৎকাৰত সাক্ষীয়ে কৈছিল, ‘‘প্ৰায়ে মানুহে কয় যে মই আৰু মাহী বাল্যকালৰ বন্ধু। আমাৰ পৰিয়ালৰ মাজতো বন্ধুত্ব আছে। কিন্তু আমাৰ মাজত বয়সৰ ৭ বছৰৰ পাৰ্থক্য আৰু আমি বাল্যকালৰ বন্ধু নহয়। মই বিয়াৰ পিছত প্ৰথমবাৰ ৰাঁচীলৈ ২০১০ চনৰ ৭ জুলাইত মাহীৰ জন্মদিনত গৈছিলো।’’ উল্লেখযোগ্য যে সাক্ষী আৰু মাহীয়ে দেৰাডুনত বিবাহপাশত আবদ্ধ হৈছিল আৰু তাৰ পিছত প্ৰথমবাৰ ৰাঁচীলৈ গৈছিল সাক্ষী।

শেহতীয়া বাতৰি