• Home
  • »
  • News
  • »
  • sports
  • »
  • বাংলাদেশৰ হিন্দু ক্ৰিকেটাৰে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই মৌলবাদীৰ পৰা লাভ কৰিলে ভাবুকি; ধৰ্ম সলনি কৰিবলৈ পৰামৰ্শ

বাংলাদেশৰ হিন্দু ক্ৰিকেটাৰে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই মৌলবাদীৰ পৰা লাভ কৰিলে ভাবুকি; ধৰ্ম সলনি কৰিবলৈ পৰামৰ্শ

লিটন দাসে ২৫ ছেপ্টেম্বৰত মহালয়া উপলক্ষে ফেচবুকত তেওঁৰ অনুৰাগীসকলক শুভেচ্ছা জ্ঞাপন কৰিছিল

লিটন দাসে ২৫ ছেপ্টেম্বৰত মহালয়া উপলক্ষে ফেচবুকত তেওঁৰ অনুৰাগীসকলক শুভেচ্ছা জ্ঞাপন কৰিছিল

ফেচবুক পোষ্টত বাংলাদেশী বেটছমেন গৰাকীয়ে দেৱী দুৰ্গাৰ এখন প্ৰতিমূৰ্তিৰ ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘শুভ মহালয়া! মা দুৰ্গা আহি আছে।’ অলপ পিছতে মৌলবাদীসকলে তেওঁৰ টাইমলাইনত আহি হিন্দু ধৰ্মৰ বিশ্বাস মানি চলাৰ বাবে দাসক গালি-গালাজ চলায়।

  • Share this:
বাংলাদেশৰ মৌলবাদীসকলে কেৱল ক্ৰিকেটাৰ লিটন দাসৰ হিন্দু ধৰ্মীয় বিশ্বাসক অপমান কৰাই নহয়, ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈও কয়। আচলতে লিটন দাসে ২৫ ছেপ্টেম্বৰত মহালয়া উপলক্ষে ফেচবুকত তেওঁৰ অনুৰাগীসকলক শুভেচ্ছা জ্ঞাপন কৰিছিল। বাংলাদেশত মহালয়াক দুৰ্গা পূজাৰ আৰম্ভণি বুলি গণ্য কৰা হয়। ফেচবুকত লিটন দাসে দুৰ্গা পূজাৰ শুভেচ্ছা জনোৱাৰ লগে লগে মৌলবাদীসকলৰ পৰা ভাবুকি লাভ কৰিবলৈ আৰম্ভ কৰিলে আৰু ধৰ্ম গ্ৰহণৰ হেঁচা আৰম্ভ হ’ল।

মৌলবাদীসকলে মূৰ্তি পূজাক নিন্দা কৰে আৰু হিন্দু দেৱতাক "মাটিৰে নিৰ্মিত" বুলি অভিহিত কৰি উপহাস কৰে। তেওঁলোকৰ ধৰ্মীয় আধিপত্যৰ কৃত্ৰিম জগতখনত বাস কৰা মৌলবাদীসকলেও আশা প্ৰকাশ কৰে যে লিটেন দাস ইছলাম ধৰ্ম গ্ৰহণ কৰিব, অৰ্থাৎ তথাকথিত ‘এক প্ৰকৃত বিশ্বাস’।

ফেচবুক পোষ্টত বাংলাদেশী বেটছমেন গৰাকীয়ে দেৱী দুৰ্গাৰ এখন প্ৰতিমূৰ্তিৰ ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘শুভ মহালয়া! মা দুৰ্গা আহি আছে।’ অলপ পিছতে মৌলবাদীসকলে তেওঁৰ টাইমলাইনত আহি হিন্দু ধৰ্মৰ বিশ্বাস মানি চলাৰ বাবে দাসক গালি-গালাজ চলায়। উল্লেখযোগ্য যে মহালয়া কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ দেৱী দুৰ্গা আগমনৰ প্ৰতীক।

মহালয়া সন্দৰ্ভত লিটন দাসৰ পোষ্টটোৰ ওপৰত মন্তব্য কৰি এজন ধৰ্মান্ধই লিখিছে, ‘পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম ইছলাম।’ একেদৰে আন এজনেও লিখিছে, ‘আল্লাহে সকলোকে পথ দেখুৱাওক, আৰু তেওঁলোকক সঠিক পথ (ইছলাম) বিচাৰি উলিয়াবলৈ তেওঁ পথ প্ৰদৰ্শনৰ জ্ঞান দিয়ক।'
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি