உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022, Jos Buttler Century: দিল্লীৰ বলাৰক ধুনি পেলালে ৰাজস্থানৰ বাটলাৰে, চলিত IPLত তৃতীয়টো শতক জোছ বাটলাৰৰ

    IPL 2022, Jos Buttler Century: দিল্লীৰ বলাৰক ধুনি পেলালে ৰাজস্থানৰ বাটলাৰে, চলিত IPLত তৃতীয়টো শতক জোছ বাটলাৰৰ

    IPL 2022, Jos Buttler Century: এই পৰ্যন্ত আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ শীৰ্ষত আছে জোছ বাটলাৰ।

    IPL 2022, Jos Buttler Century: এই পৰ্যন্ত আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ শীৰ্ষত আছে জোছ বাটলাৰ।

    IPL 2022, Jos Buttler Century: এই পৰ্যন্ত আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ শীৰ্ষত আছে জোছ বাটলাৰ।

    • Share this:
    IPL 2022ত তৃতীয়টো শতক অৰ্জন কৰিলে ৰাজস্থান ৰয়েলছ (Rajasthan Royals)ৰ বেটছমেন জোছ বাটলাৰে (Jos Buttler)। ৬৫টা বলত ১১৬ ৰাণ কৰি আউট হয় জোছ বাটলাৰ। এই পৰ্যন্ত আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ শীৰ্ষত আছে জোছ বাটলাৰ।

    উল্লেখ্য যে চলিত আইপিএলত এটা ইনিংছত সৰ্বোচ্চ ৰাণ কৰা বেটছমেন হৈছে জোছ বাটলাৰ। বাটলাৰৰ পিছতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ কে এল ৰাহুল। ৰাহুলে অপৰাজিত ১০৩ ৰাণ কৰি দ্বিতীয় স্থানত আছে। আনহাতে জোছ বাটলাৰৰ এইটো হৈছে এই ছিজনত তৃতীয়টো শতক।

    উল্লেখ্য যে আইপিএলত সৰ্বাধিক সংখ্যক শতকৰ তালিকাত শীৰ্ষত আছে ক্ৰিছ গেইল। গেইলে  সৰ্বাধিক ৬টা শতক অৰ্জন কৰিছিল। গেইলৰ পিছতে দ্বিতীয় স্থানত আছে বাৰাট কোহলী। কোহলীয়ে এতিয়ালৈ ৫টা শতক অৰ্জন কৰিছে।

    এইবাৰ আইপিএলত ৪০০ ৰাণ কৰা প্ৰথমগৰাকী বেটছমেন হ'ল বাটলাৰ।
    Published by:Manjumoni Borah
    First published: