বুধবাৰে মহিলা বিশ্বকাপ ২০২২ ৰ (Women’s World Cup-2022) খেলখনত ভাৰতীয় দলটো ইংলেণ্ডৰ দ্বাৰা পৰাজিত হৈছে। এই খেলখনত ভাৰতৰ পেচাৰ ঝুলন গোস্বামীয়ে এক বিশেষ কৃতিত্ব অৰ্জন কৰে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০ টা উইকেট দখল কৰা ঝুলন বিশ্বৰ প্ৰথম আৰু একমাত্ৰ মহিলা ক্ৰিকেটাৰ হৈ পৰিছে। ঝুলনৰ বাহিৰে আন কোনো মহিলা ক্ৰিকেটাৰে ২০০ টা উইকেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু ভাৰতৰ অভিজ্ঞ খেলুৱৈগৰাকীয়ে অভিলেখ গঢ়িছে।
৩৯ বছৰীয়া ঝুলন গোস্বামীয়ে মাউণ্ট মাউনগানুইত ইংলেণ্ডৰ বিৰুদ্ধে মহিলা বিশ্বকাপৰ খেলখনত এই কৃতিত্ব অৰ্জন কৰে আৰু ইনিংছৰ তৃতীয় অভাৰৰ অন্তিম বলত ইংলেণ্ডৰ অপেনাৰ টেমি বিউমন্টক পেভিলিয়নলৈ প্ৰেৰণ কৰে আৰু তেওঁৰ ২৫০ টা এদিনীয়া উইকেট সম্পূৰ্ণ কৰে। ঝুলনৰ পিছত তালিকাৰ দ্বিতীয় জন বলাৰ কেথেৰিন ফিটজপেট্ৰিকৰ নামত মাত্ৰ ১৮০ টা উইকেট আছে। কেথেৰিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 16, 2022, 14:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।