உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Jasprit Bumrah: যশপ্ৰীত বুমৰাহ আৰু জেনচনৰ মাজত খেলপথাৰত বাকযুদ্ধ, আম্পায়াৰ আহি ভাঙিলে কাজিয়া

    Jasprit Bumrah: যশপ্ৰীত বুমৰাহ আৰু জেনচনৰ মাজত খেলপথাৰত বাকযুদ্ধ, আম্পায়াৰ আহি ভাঙিলে কাজিয়া

    bumrah-jansen

    bumrah-jansen

    Jasprit Bumrah: বুধবাৰে জশপ্ৰীত বুমৰাহক দেখা গ'ল দক্ষিণ আফ্ৰিকাৰ বলাৰ মাৰ্কো জেনচন (Marco Jansen) )ৰ সৈতে বাকযুঁজত লিপ্ত হোৱা।

    • Share this:
    ভাৰতীয় পেচ বলাৰ যশপ্ৰীত বুমৰাহে (Jasprit Bumrah) খেলপথাৰত সদায় আক্ৰমণাত্মক  বলিঙৰ বাবে বিখ্যাত। কিন্তু বুধবাৰে বুমৰাহক দেখা গ'ল দক্ষিণ আফ্ৰিকাৰ বলাৰ মাৰ্কো জেনচন (Marco Jansen) )ৰ সৈতে বাকযুঁজত। জোহান্সবাৰ্গত অনুষ্ঠিত হৈ থকা  টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্ট (IND vs SA 2nd Test)ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিজন খেলুৱৈয়ে নিজ নিজ দলক নিজৰ নিজৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিবলৈ চেষ্টা কৰি আছে। এনে সময়তে, ভাৰতৰ অধিনায়ক কে এল ৰাহুল (KL Rahul)ক দ্বিতীয় দিনা ডিন এলগাৰৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱা দেখা গৈছিল আৰু তৃতীয় দিনাৰ খেলত যশপ্ৰীত বুমৰাহ আৰু মাৰ্কো জানচেনৰ মাজত পুনৰ এবাৰ বাকযুদ্ধ বোৱা দেখা গ'ল।

    এই সকলোবোৰ ইনিংছৰ ৫৪তম অভাৰত ঘটিছিল।  বাওঁহতীয়া পেচাৰ জেনছনে প্ৰথমে এটা বাউন্সাৰ বল কৰিছিল। যশপ্ৰীত বুমৰাহে এই বলটোত এটা ডাঙৰ শ্বট খেলিব বিচাৰিছিল যদিও বলটো তেওঁৰ কান্ধত লাগেগৈ। একেধৰণৰ ডেলিভাৰী পুনৰ আহিছিল আৰু এইবাৰো বেট আৰু বলৰ মাজত কোনো ধৰণৰ সংযোগ নঘটিল। জেনচনে বুমৰাহলৈ তীক্ষ্ণ দৃষ্টি দিছিল আৰু বুমৰাহেও জেনছনক ফেপেৰি পাতি ধৰিছিল।

    অভাৰটোৰ চতুৰ্থ বলটো দিয়াৰ পিছত দুয়োজনে ইজনে সিজনক কিবা কৈছিল আৰু তাৰ পিছত দুয়োজন ইজনে সিজনৰ ফালে আগবাঢ়ি গৈছিল। আম্পায়াৰে তৎক্ষণাত দৌৰি গৈ দুয়োৰে মাজত হস্তক্ষেপ কৰিব লগা হৈছিল।  এতিয়া এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।



    অৱশ্যে এই অভাৰটোত কোনো ৰাণ সংগ্ৰহ কৰা হোৱা নাছিল। বুমৰাহে কাগিচো ৰাবাডাৰ পৰৱৰ্তী অভাৰত এটা সুন্দৰ ছয় মাৰিছিল। বুমৰাহে ১৪টা বল খেলিছিল আৰু ১টা ছিক্সাৰৰ সহায়ত ৭ ৰাণ সংগ্ৰহ কৰিছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ভাৰতে তেওঁলোকৰ দ্বিতীয় ইনিংছত ২৬৬ ৰাণ সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাক ২৪০ ৰাণৰ বিজয়লক্ষ্য প্ৰদান কৰে।
    Published by:Manjumoni Borah
    First published: