• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL Final 2022, RR vs GT: ১৪ বছৰৰ পাছত ৰাজস্থানে দোহাৰিবনে ইতিহাস নে অভিষেক ছিজনতে চেম্পিয়ন হ’ব গুজৰাট?

IPL Final 2022, RR vs GT: ১৪ বছৰৰ পাছত ৰাজস্থানে দোহাৰিবনে ইতিহাস নে অভিষেক ছিজনতে চেম্পিয়ন হ’ব গুজৰাট?

IPL Final 2022, RR vs GT: আই পি এলৰ খিতাপৰ বাবে অন্তিমটো পৰ্ব শেষ কৰাৰ বাবে সাজু হোৱা গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ বাবে এই মেচখনত বহু কথাই বাজিত পৰিছে।

IPL Final 2022, RR vs GT: আই পি এলৰ খিতাপৰ বাবে অন্তিমটো পৰ্ব শেষ কৰাৰ বাবে সাজু হোৱা গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ বাবে এই মেচখনত বহু কথাই বাজিত পৰিছে।

IPL Final 2022, RR vs GT: আই পি এলৰ খিতাপৰ বাবে অন্তিমটো পৰ্ব শেষ কৰাৰ বাবে সাজু হোৱা গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ বাবে এই মেচখনত বহু কথাই বাজিত পৰিছে।

  • Share this:
আই পি এলৰ খিতাপৰ বাবে অন্তিমটো পৰ্ব শেষ কৰাৰ বাবে সাজু হোৱা গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ বাবে এই মেচখনত বহু কথাই বাজিত পৰিছে। ১৫ বছৰ পূৰ্বে আই পি এলৰ প্ৰথম যাত্ৰাত সোণালী আৰম্ভণি কৰা ৰাজস্থান ৰয়েলছে আকৌ এবাৰ ইতিহাসৰ পুনৰাবৃত্তি কৰিব বিচাৰিব, আনহাতে আইপিএলৰ এটা এটা শীৰ্ষ দলক ধ্বংস কৰি প্ৰথম যাত্ৰাতে ফাইনেলত উপনীত হোৱা গুজৰাট টাইটানছে অভিষেকতে চেম্পীয়ন হৈ এটা নতুন ইতিহাস সৃষ্টি কৰাৰ চেষ্টা কৰিব।

হাৰ্দিক পাণ্ডিয়াৰ বাবে এই দুমাহৰ যাত্ৰা সপোনৰ দৰে 
দুমাহ পূৰ্বে যেতিয়া বৰ্তমানৰ আই পি এলৰ ছিজন আৰম্ভ হৈছিল, তেতিয়া প্ৰায়েই কোনেও ভবা নাছিল যে সঞ্জু চেমছন আৰু হাৰ্দিক পাণ্ডিয়াই ফাইনেল টছৰ বাবে খেলপথাৰত নামিব। কেৰিয়াৰত বহু উত্থান-পতন দেখা হাৰ্দিক আৰু মুখ্য প্ৰশিক্ষক আশীষ নেহৰাৰ বাবে দুমাহৰ এই যাত্ৰা সপোনৰ দৰে হৈ পৰিছে। ক্ৰিকেট পণ্ডিতৰ পৰা আৰম্ভ কৰি নিলামৰ পিছতো পৰীক্ষা নকৰাকৈয়ে এই দলটোক দৌৰৰ বাহিৰত বুলি গণ্য কৰা সমালোচকলৈকে তেওঁলোকে নিজৰ প্ৰদৰ্শনেৰে উত্তৰ দিছে।

‘ৱান মেচ ৱণ্ডাৰ’ বুলি অভিহিত কৰা ৰাহুল তেৱাটিয়া আৰু ডেভিদ মিলাৰৰ দৰে খেলুৱৈৱে  ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিব নোৱাৰা এই দলটো কাগজে-পত্ৰই ইমান শক্তিশালী যেন নালাগিছিল। কিন্তু ক্ৰিকেট হৈছে অনিশ্চয়তাৰ খেল য’ত খেলপথাৰতেই সৌভাগ্যৰো উদয় হয় আৰু দুৰ্ভাগ্যয়ো লগ দিয়ে।

সঞ্জু চেমছনৰ অধিনায়কত্বত উন্নতি
তাৰকাবিহীন যুৱ দলৰ বাবে প্ৰথমটো আই পি এল খিতাপ দখল কৰা শ্বেন ৱাৰ্নে নিশ্চয় ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শনক লৈ গৌৰৱ অনুভৱ কৰিছিল। প্ৰতিভাৰ কথা ক’বলৈ গ’লে সঞ্জু আৰু হাৰ্দিকৰ মাজত বিশেষ পাৰ্থক্য নাই। ভাৰতৰ হৈ ২০ খন মেচো খেলা নাই সেই বিৰল খেলুৱৈসকলৰ ভিতৰত সঞ্জুও অন্যতম যদিও তেওঁৰ জনপ্ৰিয়তা আচৰিত। অধিনায়কত্বৰ সফলতাৰ লগে লগে তেওঁৰ প্ৰতিভা আৰু বৃদ্ধি পাইছে।

ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহল, জোছ বাটলাৰ, ট্ৰেণ্ট বল্টৰ দৰে তাৰকা আৰু যশস্বী জয়ছোৱাল আৰু প্ৰসিদ্ধ কৃষ্ণৰ দৰে যুৱ খেলুৱৈ আছে যদিও সঞ্জুৱে সকলোৰে সৈতে ভাল সম্পৰ্ক ৰাখি দলটোক এই পৰ্যায়লৈ লৈ গৈছে।

এই মেচখনৰ পৰা নায়কৰ সৃষ্টি হ'ব, হৃদয় ভংগ হ’ব আৰু অভিলেখৰো সৃষ্টি হ’ব, কিন্তু এই মেচখন এনেকুৱা হ’ব যে ক্ৰিকেট প্ৰেমীসকলে বছৰ বছৰ ধৰি মনত ৰাখিব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি