• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL 2022: বিৰাট কোহলীৰ দৰমহা ১২৫ গুণ বৃদ্ধি, বহু পিছ পৰিল ধোনী আৰু ৰোহিত শৰ্মা

IPL 2022: বিৰাট কোহলীৰ দৰমহা ১২৫ গুণ বৃদ্ধি, বহু পিছ পৰিল ধোনী আৰু ৰোহিত শৰ্মা

১৫খন দেশৰ মুঠ ৫৯০ গৰাকী খেলুৱৈৱে অকচনৰ তালিকাত স্থান লাভ কৰিছে। ১০টা দলে অকচনৰ পূৰ্বে ৩৩জন খেলুৱৈক নিজৰ সৈতে ৰাখিছে।

১৫খন দেশৰ মুঠ ৫৯০ গৰাকী খেলুৱৈৱে অকচনৰ তালিকাত স্থান লাভ কৰিছে। ১০টা দলে অকচনৰ পূৰ্বে ৩৩জন খেলুৱৈক নিজৰ সৈতে ৰাখিছে।

১৫খন দেশৰ মুঠ ৫৯০ গৰাকী খেলুৱৈৱে অকচনৰ তালিকাত স্থান লাভ কৰিছে। ১০টা দলে অকচনৰ পূৰ্বে ৩৩জন খেলুৱৈক নিজৰ সৈতে ৰাখিছে।

  • Share this:


আইপিএল ২০২২ (IPL 2022)ৰ মেগা অকচনৰ জল্পনা–কল্পনা আৰম্ভ হৈছে। ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বিচিচিআইৰ ফালৰ পৰা বেংগালুৰুত নিলামী প্ৰক্ৰিয়া হ’ব। ১৫খন দেশৰ মুঠ ৫৯০ গৰাকী খেলুৱৈৱে অকচনৰ তালিকাত স্থান লাভ কৰিছে। ১০টা দলে অকচনৰ পূৰ্বে ৩৩জন খেলুৱৈক নিজৰ সৈতে ৰাখিছে। ৰোহিত শৰ্মা (Rohit Sharma) আইপিএলৰ আটাইতকৈ সফল অধিনায়ক। তেওঁ ৫বাৰ মুম্বাই ইণ্ডিয়ানছক (Mumbai Indians) চেম্পিয়নৰ খিতাপ উপহাৰ দিছে। এম এছ ধোনীয়ে (MS Dhoni) চাৰিবাৰ চিএছকে (CSK)ক এই খিতাপ দিছে। আনহাতে, বিৰাট কোহলী (Virat Kohli)য়ে এতিয়ালৈ আইপিএলত এটা খিতাপ দখল কৰিব পৰা নাই। অৱশ্যে তেওঁ এতিয়া আৰচিবিৰ অধিনায়ক নহয়।

বিৰাট কোহলীয়ে আইপিএলৰ প্ৰথম ছিজনৰ অৰ্থাৎ ২০০৮ চনৰ পৰা এতিয়ালৈ কেৱল আৰচিবিৰ হৈ খেলি আছে। ২০০৮ত তেওঁ দৰমহা হিচাপে পাইছিল কেৱল ১২ লাখ টকা। কিন্তু তেওঁ নিজৰ প্ৰদৰ্শনেৰে নিজকে প্ৰমাণিত কৰিলে। তাৰ পিছত তেওঁ দলৰ অধিনায়ক হ’ল আৰু দৰমহাও বৃদ্ধি হ’ল। এইবাৰৰ ছিজনত তেওঁক ১৫ কোটি টকাত ৰিটেন কৰা হৈছে। অৰ্থাৎ তেওঁৰ দৰমহা ২০০৮ চনৰ তুলনাত ১২৫ গুণ বৃদ্ধি কৰা হৈছে।

আনহাতে, ২০০৮ চনত ডেক্কান ছাৰ্জাৰ্ছৰ অংশ আছিল ৰোহিত শৰ্মা। তেওঁক দলে ৩ কোটি টকাত চুক্তিবদ্ধ কৰিছিল। তেওঁ ২০১১ত মুম্বাই ইণ্ডিয়ানছৰ (Mumbai Indians) সৈতে সংযুক্ত হয় আৰু এতিয়ালৈ সেই দলৰ হৈ খেলি আছে। আইপিএল ২০২২ত তেওঁক দলত ১৬ কোটি টকাত ৰিটেন কৰা হৈছে। অৰ্থাৎ ২০০৮ৰ তুলনাত ৰোহিতৰ দৰমহা প্ৰায় ৫ গুণ বৃদ্ধি পাইছে। বিগত ছিজনত তেওঁ পাইছিল ১৫ কোটি।

এম এছ ধোনীয়ে ২০০৮ চনৰ চেন্নাই ছুপাৰ কিংছ (Chennai Super Kings)ৰ অংশ। কিন্তু ২০১৬ আৰু ২০১৭ত দলক ২ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল। তেতিয়া তেওঁ পুণেৰ হৈ খেলিছিল। ২০০৮ চনত ধোনীয়ে দৰমহা হিচাপে পাইছিল ৬ কোটি টকা। এইবাৰ তেওঁক ১২ কোটি টকাত ৰিটেন কৰা হৈছে। অৰ্থাৎ তেওঁৰ দৰমহা কেৱল ৬ কোটি টকা বৃদ্ধি পাইছে। বিগত ছিজনত তেওঁ পাইছিল ১৫ কোটি টকা।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি