শনিবাৰে মুম্বাইত আৰম্ভ হ'বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (IPL 2022) এই বছৰ দৰ্শকে ষ্টেডিয়ামত বহি খেলসমূহ উপভোগ কৰিবলৈ সক্ষম হ'ব। আয়োজকসকলে বুধবাৰে কৈছিল যে ষ্টেডিয়ামৰ মুঠ ক্ষমতাৰ ২৫ শতাংশ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে। ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছে শনিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত আই পি এল ২০২২ৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ (KKR) মুখামুখি হ'ব।
"এই খেলখন এক গুৰুত্বপূৰ্ণ উপলক্ষ হ'ব কিয়নো মহামাৰীৰ বাবে কিছু সময়ৰ বিৰতিৰ পিছত আই পি এলে অনুৰাগীসকলক পুনৰ ষ্টেডিয়ামলৈ স্বাগতম জনাব," বিজ্ঞপ্তিটোত কোৱা হৈছে যে "মুম্বাই, নৱী মুম্বাই আৰু পুনেৰ ষ্টেডিয়ামত খেল অনুষ্ঠিত হ'ব, য'ত Covid-19 প্ৰটোকল অনুসৰি ষ্টেডিয়ামৰ ক্ষমতাৰ ২৫ শতাংশ দৰ্শক ষ্টেডিয়ামত বহি খেলখন চাবলৈ সক্ষম হ'ব।" এই ছিজনত মুঠ ৭০ খন খেল হ'ব। লীগ পৰ্যায়ৰ বাবে টিকটৰ অনলাইন বিক্ৰী বুধবাৰে আৰম্ভ হ'ব।
Published by: Kokil Sarma
FIRST PUBLISHED : March 23, 2022, 16:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।