IPL 2022: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলাৰ টি নটৰাজন আৰু মাৰ্কো য়েনছনৰ বিধ্বংসী বলিঙৰ আগত তাছপাতৰ ঘৰৰ দৰে খহি পৰে RCBৰ বেটিং লাইনআপ।
IPL 2022: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলাৰ টি নটৰাজন আৰু মাৰ্কো য়েনছনৰ বিধ্বংসী বলিঙৰ আগত তাছপাতৰ ঘৰৰ দৰে খহি পৰে RCBৰ বেটিং লাইনআপ।
IPL 2022ৰ এখন খেলত আজি ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৱে ছনৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত শোচনীয় পৰাজয় বৰণ কৰে। প্ৰথমে বেটিং কৰি RCBয়ে ১৬ অভাৰ ১টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬৮ ৰাণতে ইনিংছ সামৰে। RCBৰ হৈ সুয়ছ প্ৰভূদেশাইৰ ১৫ আৰু গ্লেন মেক্সৱেলৰ ১২ ৰাণৰ বাদে RCBৰ কোনো এজন খেলুৱৈয়ে দুয়া সংখ্যাৰ ঘৰ চুব নোৱাৰিলে।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলাৰ টি নটৰাজন আৰু মাৰ্কো য়েনছনৰ বিধ্বংসী বলিঙৰ আগত তাছপাতৰ ঘৰৰ দৰে খহি পৰে RCBৰ বেটিং লাইনআপ। য়েনছনে একেটা অভাৰতে অধিনায়ক ফাফ ডুপ্লেছিছ, বিৰাট কোহলি আৰু অনুজ ৰাৱটক আউট কৰি RCBৰ বেটিং লাইন আপ ভাঙি দিয়ে। এই সময়ত RCBৰ ৰাণ আছিল ২ অভাৰত ৩ উইকেটত ৮ ৰাণ।
আনহাতে টি নটৰাজনে গ্লেন মেক্সৱেল, সুয়ছ প্ৰভূদেশাই আৰু দিনেশ কাৰ্তিকক আউট কৰি একপ্ৰকাৰ RCBৰ সকলো আশা নিৰ্বাপিত কৰে।
আনহাতে ৬৯ ৰাণৰ বিজয় লক্ষ্য সন্মুখত লৈ ছানৰাইজাৰ্ছে সুন্দৰ আৰম্ভণি কৰে। মাত্ৰ ৮ অভাৰত ৭২ ৰাণ কৰি বিজয় সাব্যস্ত কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|