உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022: ৮০০টা বাউণ্ডেৰীৰ বিশ্ব অভিলেখ গঢ়িলে শিখৰ ধাৱানে, মুম্বাইৰ এজনো বলাৰ নোৱাৰিলে তিষ্ঠিব

    IPL 2022: ৮০০টা বাউণ্ডেৰীৰ বিশ্ব অভিলেখ গঢ়িলে শিখৰ ধাৱানে, মুম্বাইৰ এজনো বলাৰ নোৱাৰিলে তিষ্ঠিব

    শিখৰ ধাৱানে (Shikhar Dhawan) আই পি এলত এটা নতুন বিশ্ব অভিলেখ গঢ়িছে। ধাৱানে টি-২০ লীগৰ প্ৰথম জন খেলুৱৈ যিয়ে ৮০০ টা বাউণ্ডেৰী কোবাইছে।

    শিখৰ ধাৱানে (Shikhar Dhawan) আই পি এলত এটা নতুন বিশ্ব অভিলেখ গঢ়িছে। ধাৱানে টি-২০ লীগৰ প্ৰথম জন খেলুৱৈ যিয়ে ৮০০ টা বাউণ্ডেৰী কোবাইছে।

    শিখৰ ধাৱানে (Shikhar Dhawan) আই পি এলত এটা নতুন বিশ্ব অভিলেখ গঢ়িছে। ধাৱানে টি-২০ লীগৰ প্ৰথম জন খেলুৱৈ যিয়ে ৮০০ টা বাউণ্ডেৰী কোবাইছে।

    • Share this:
    শিখৰ ধাৱানে (Shikhar Dhawan) আই পি এলত এটা নতুন বিশ্ব অভিলেখ গঢ়িছে। ধাৱানে টি-২০ লীগৰ প্ৰথম জন খেলুৱৈ যিয়ে ৮০০ টা বাউণ্ডেৰী (IPL Most Boundaries Record) কোবাইছে। বিৰাট কোহলীৰ পৰা ৰোহিত শৰ্মালৈকে কোনেও এইটো কৰিবলৈ সক্ষম হোৱা নাই। আই পি এল ২০২২ (IPL 2022)ৰ এখন খেলত ধাৱানে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৫০টা বলত ৭০ ৰাণ সংগ্ৰহ কৰে। ৫টা চাৰি আৰু ৩টা ছয় কোবায় ধাৱানে।

    খেলখনত (MI vs PBKS) ৫টা উইকেট হেৰুৱাই পঞ্জাৱে ১৯৮ ৰাণ সংগ্ৰহ কৰিছে। ধাৱানৰ উপৰিও অধিনায়ক মায়াংক আগৰৱালেও ৫২ ৰাণ সংগ্ৰহ কৰে। দুয়োজনে প্ৰথম উইকেটৰ বাবে ৯৭ ৰাণৰ বিশাল পাৰ্টনাৰশ্বীপে পঞ্জাৱৰ ৰাণৰ দতি ত্বৰান্বিত কৰে আৰু জিতেশ শৰ্মাইও অপৰাজিত ৩০ ৰাণ সংগ্ৰহ কৰে। এই খেলখনৰ আগতে পঞ্জাৱে ৪ খন খেলৰ ভিতৰত ২ খনত জয় লাভ কৰিছে। মুম্বাইয়ে এতিয়াও তেওঁলোকৰ প্ৰথম জয়ৰ অপেক্ষাত আছে। মুম্বাই ইণ্ডিয়ানছে চাৰিওখন খেলত পৰাস্ত হৈছে।

    এই খেলখনৰ আগতে ধাৱানে ৬৬৮টা চাৰি আৰু ১২৭টা ছয় মাৰিছিল, অৰ্থাৎ ৭৯৫টা বাউণ্ডেৰী সংগ্ৰহ কৰিছিল। মুম্বাইৰ বিৰুদ্ধে তেওঁ ৮টা বাউণ্ডেৰী অৰ্জন কৰে আৰু ৮০০টা বাউণ্ডেৰীৰ অভিলেখ গঢ়ে। এই ক্ষেত্ৰত বিৰাট কোহলী দ্বিতীয় নম্বৰত আছে। কোহলীৰ ৭৬৬টা বাউণ্ডেৰী আছে। একে সময়তে প্ৰাক্তন কিংবদন্তী ক্ৰিছ গেইল ৭৬১টা বাউণ্ডেৰীৰ সৈতে তিনি নম্বৰত আছে। ধাৱানে আই পি এলত ২টা শতকো অৰ্জন কৰিছে।
    Published by:Manjumoni Borah
    First published: