• Home
  • »
  • News
  • »
  • sports
  • »
  • ৰাহুলৰ নাম শুনিছে নিশ্চয়, কামো কৰি দেখুৱালে ! গুজৰাটৰ বাবে যেন ৰাহুল এজন মেজিক মেন ...

ৰাহুলৰ নাম শুনিছে নিশ্চয়, কামো কৰি দেখুৱালে ! গুজৰাটৰ বাবে যেন ৰাহুল এজন মেজিক মেন ...

IPL2022ৰ এখন খেলত পঞ্জাৱ কিংছক ৬ উইকেটত পৰাস্ত কৰি আই পি এল ২০২২ ত একেৰাহে তৃতীয়টো জয় পঞ্জীয়ন কৰে গুজৰাটে।

  • Share this:
শেষৰ দুটা বলত ৰাহুল তেৱাতিয়াই দুটা ছয় কোবাই গুজৰাটক এক ৰোমাঞ্চকৰ বিজয়ৰ সোৱাদ দিলে। IPL2022ৰ এখন খেলত পঞ্জাৱ কিংছক ৬ উইকেটত পৰাস্ত কৰি আই পি এল ২০২২ ত একেৰাহে তৃতীয়টো জয় পঞ্জীয়ন কৰে গুজৰাটে। পঞ্জাৱৰ দ্বাৰা নিৰ্ধাৰিত ১৯০ ৰাণৰ লক্ষ্য কৰি গুজৰাট টাইটানছে ৪ টা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে।

ৰাহুল তেৱাটিয়াই ৩ টা বলত অপৰাজিত ১৩ ৰাণ কৰে। ইয়াৰ পূৰ্বে শুভমান গিলৰ সুন্দৰ অৰ্ধশতক, সুদৰ্শনে ৩৫ ৰাণৰ ইনিংছ খেলিে। প্ৰথমে বেট ধৰি লিয়াম লিভিংষ্টনৰ অৰ্ধশতকৰ বলত পঞ্জাৱ কিংছে আই পি এল ২০২২ৰ ষোড়শ মেচত গুজৰাট টাইটানছৰ সন্মুখত ১৯০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। লিভিংষ্টনে ২৭ টা বলত ৬৪ ৰাণৰ এটা উজ্জ্বল ইনিংছ খেলিছিল। শিখৰ ধাৱান ৩০ টা বলত ৩৫ ৰাণ কৰি আউট হৈছিল। অৱশেষত, ৰাহুল চাহাৰে ১৪ টা বলত অপৰাজিত ২২ ৰাণ কৰে। গুজৰাটৰ হৈ ৰছিদ খানে সৰ্বাধিক ৩ টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে, গুজৰাটে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
Published by:Kokil Sarma
First published: