RCB vs PBKS: ২৯টা বলত ৬৬ ৰাণ কৰি মহম্মদ চিৰাজৰ চিকাৰ হয় বেয়াৰস্টো।
RCB vs PBKS: ২৯টা বলত ৬৬ ৰাণ কৰি মহম্মদ চিৰাজৰ চিকাৰ হয় বেয়াৰস্টো।
জনি বেয়াৰস্টো (Bairstow)ৱে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (ROYAL CHALLENGERS BANGALORE )ৰ বিৰুদ্ধে আক্ৰমণাত্মক বেটিঙেৰে ৰাণৰ ছুনামী নমাই আনে মুম্বাইত। IPL 2022-ৰ ৬০তম মেচত RCBৰ অধিনায়ক ফাফ ডু প্লেচিছে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছিল। ইপিনে প্লেঅফৰ দৌৰত তিষ্ঠি থাকিবলৈ পাঞ্জাৱ কিংছে এই খেলখনত জিকিবই লাগিব।
জনি বেয়াৰস্টোৱে প্ৰথম অভাৰৰ ৫ম বলত লং অফত এটা ছয় মাৰিছিল। বলাৰজন আছিল অফ স্পিনাৰ গ্লেন মেক্সৱেল। তেওঁ দ্বিতীয় অভাৰত পেচ বলাৰ জোছ হাজলুডৰ বলত ২২ ৰাণ সংগ্ৰহ কৰে, যাৰ ভিতৰত আছে ২টা ছয় আৰু ২টা চাৰি । তৃতীয় অভাৰত বেয়াৰস্টোৱে মহম্মদ চিৰাজৰ বলত এটা ছয় মাৰিলে। ধাৱানেও এই অভাৰত এটা বাউণ্ডেৰী মাৰিছিল। দলটোৰ ৫০ ৰাণ ৩.৫ অভাৰত সম্পূৰ্ণ হৈছিল।
চিৰাজে আকৌ এবাৰ ষষ্ঠ অভাৰটো বল কৰিছিল। বেয়াৰস্টোৱে সেই অভাৰত ১ টা চাৰি আৰু ৩ টা ছয় মাৰিছিল। তেওঁ মুঠ ২১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছিল। এইটো তেওঁৰ একেৰাহে দ্বিতীয় অৰ্ধ-শতক। বেয়াৰস্টোৱে মুঠ ৭টা ছিক্স আৰু ৪টা বাউণ্ডেৰী কোবাইছিল।
২৯টা বলত ৬৬ ৰাণ কৰি মহম্মদ চিৰাজৰ চিকাৰ হয় বেয়াৰস্টো।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|