உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022: হাৰ্দিক পাণ্ডিয়াৰ সন্মুখত নতুন প্ৰত্যাহ্বান, মুম্বাই ইণ্ডিয়ানছে আৰু নাৰাখে পাণ্ডিয়াক, শ্ৰেয়াস আয়াৰে এৰিব পাৰে দিল্লী

    IPL 2022: হাৰ্দিক পাণ্ডিয়াৰ সন্মুখত নতুন প্ৰত্যাহ্বান, মুম্বাই ইণ্ডিয়ানছে আৰু নাৰাখে পাণ্ডিয়াক, শ্ৰেয়াস আয়াৰে এৰিব পাৰে দিল্লী

    IPL 2022:  আই পি এল ২০২২ৰ আগতে মহা নিলাম হ'ব। মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians) দলটোৰ মুখ্য খেলুৱৈ (Hardik Pandya)ক নাৰাখিবও পাৰে। তেনে ক্ষেত্ৰত, তেওঁ নিলামৰ পুলত সোমাব।

    IPL 2022: আই পি এল ২০২২ৰ আগতে মহা নিলাম হ'ব। মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians) দলটোৰ মুখ্য খেলুৱৈ (Hardik Pandya)ক নাৰাখিবও পাৰে। তেনে ক্ষেত্ৰত, তেওঁ নিলামৰ পুলত সোমাব।

    IPL 2022: আই পি এল ২০২২ৰ আগতে মহা নিলাম হ'ব। মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians) দলটোৰ মুখ্য খেলুৱৈ (Hardik Pandya)ক নাৰাখিবও পাৰে। তেনে ক্ষেত্ৰত, তেওঁ নিলামৰ পুলত সোমাব।

    • Share this:
    অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া (Hardik Pandya)ক আইপিএলৰ নিলামৰ (IPL 2022) বাবে এৰিব পাৰে মুম্বাই ইণ্ডিয়ানছ দলে। ৫ বাৰৰ আইপিএল চেম্পিয়ন দলটোৱে সেইকল খেলুৱৈৰ তালিকা প্ৰায় চুড়ান্ত কৰিছে যিসকলক দলটোৱে ২০২২ চনৰ বাবে নজৰ সৈতেই ৰাখিব। এই বছৰৰে ডিছেম্বৰত হ'ব আইপিএলৰ মহা নিলাম। মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians) হাৰ্দিক পাণ্ডিয়াক দলত ৰখাৰ সম্ভাৱনা কম আছে কাৰণ পাণ্ডিয়াই বলাৰ হিচাপেহে বিগত কিছুসময় ধৰি খেলি আছে।

    খেলুৱৈসকলক ৰিটেইন কৰাৰ সৈতে জড়িত এজন জ্যেষ্ঠ আইপিএল বিষয়াই সংবাদ সংস্থা পিটিআইক জনায়, "মই ভাবো বিচিচিআইৰ ৰাইট টু মেচ (RTM)ৰ ফৰ্মুলা থাকিব। যদি কোনো আৰটিএম নাথাকে তেন্তে ৪ জন খেলুৱৈক ৰিটেইন কৰিবলৈ অনুমতি দিয়া হ'ব পাৰে। ৰোহিত শৰ্মা আৰু পেচাৰ যশপ্ৰীত বুমৰাহ মুম্বাইৰ প্ৰথম পছন্দ হ'ব। 'কেইৰণ পোলার্ড দলটোৰ তৃতীয় পছন্দ হ'ব। দলটোৰ শক্তি হৈছে প্ৰদৰ্শনৰ ধাৰাবাহিকতা, তেওঁলোক তিনিওজন দলটোৰ স্তম্ভ।' মুম্বাই দলটোৱে আইপিএল ২০২১ত প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে।

    চতুৰ্থ খেলুৱৈৰ দৌৰত সূৰ্যকুমাৰ আৰু ঈশান

    "সাম্প্ৰতিক পৰিস্থিতিত, হাৰ্ডিক দলটোত ৰখাৰ সম্ভাৱনা ১০ শতাংশতকৈও কম," বিষয়াজনে কয়। হয়, তেওঁ টি-২০ বিশ্বকাপৰ পৰৱৰ্তী কেইখনমান খেলত সকলোতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰে, কিন্তু তথাপিও দলত তেওঁলোকৰ বাবে সম্ভাৱনা কম। যদি ৪ জন খেলুৱৈক ৰখা হয় বা আৰটিএম থাকে, সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণ এই স্থানৰ বাবে ডাঙৰ দাবীদাৰ হ'ব।' হাৰ্দিকৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে ক্ৰিকেটৰ ওপৰত আধাৰিত কিয়নো তেওঁ আগৰ দৰে অলৰাউণ্ডাৰ নহয়। হাৰ্দিকে আগতে ১৩০ কিলোমিটাৰ বেগত বলিং কৰিছিল কিন্তু আঘাতৰ পৰা উভতি অহাৰ পিছত তেওঁ তেনে কৰা নাই।

    ঋষভ পণ্ট দিল্লীৰ অধিনায়ক হৈ থাকিব

    ইপিনে ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰে অধিনায়কত্বক লৈ দিল্লী কেপিটেলছ এৰাৰ সম্ভাৱনা আছে। ক্ৰিকেটাৰজনৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি তেওঁ দলটোক নেতৃত্ব দিয়াৰ বাবে আগ্ৰহী কিন্তু দিল্লী কেপিটেলছে তেওঁক পুনৰ অধিনায়কত্ব প্ৰদান কৰাৰ সম্ভাৱনা নাই। ঋষভ পণ্টৰ নেতৃত্বত দলটোৱে এই বছৰ আইপিএল প্লে অফত স্থান নিশ্চিত কৰিছিল।
    Published by:Manjumoni Borah
    First published: