IPL 2022 Final: ফাইনেলৰ দিনা বেয়া বতৰৰ বাবে যদি এটাও বল বলিং কৰিব পৰা নাযায় তেন্তে তাৰ বাবে এটা ৰিজাৰ্ভ ডে ৰখা হৈছে।
IPL 2022 Final: ফাইনেলৰ দিনা বেয়া বতৰৰ বাবে যদি এটাও বল বলিং কৰিব পৰা নাযায় তেন্তে তাৰ বাবে এটা ৰিজাৰ্ভ ডে ৰখা হৈছে।
আজি IPL 2022ৰ ফাইনেল মেচখনৰ বাবে কোটি কোটি অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যদিও বতৰে তেওঁলোকৰ উৎসাহ বিনষ্ট কৰিব পাৰে বুলিও অনুৰাগীসকল চিন্তিত হৈ পৰিছে। গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল মেচখন। সকলোৰে মনত এটাই প্ৰশ্ন চলি আছে যে আজিৰ মেচখনত যদি বৰষুণ আহে, তেন্তে গুজৰাট আৰু ৰাজস্থানৰ মাজত কোনটো দলে বিজয়ী হ’ব। আইপিএলৰ ফাইনেলৰ বাবে আছে কিছুমান বিশেষ নিয়ম।
ফাইনেলৰ বাবে ৰিজাৰ্ভ দিন
সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ’ব ফাইনেল মেচ। বেয়া বতৰৰ বাবে যদি খেল আৰম্ভ হোৱাত পলম হয়, তেন্তে নিশা ১০.১০ বজাত খেল আৰম্ভ কৰিব পাৰিব। বিশেষ কথাটো হ’ল দুঘণ্টা পলম কৰি মেচ আৰম্ভ হোৱাৰ পাছতো অভাৰ কাটিব নোৱাৰিব৷ যদি কিবা কাৰণত ফাইনেল মেচ ৫-৫ অভাৰৰ হয়, তেন্তে মেচখন সৰ্বাধিক নিশা ১২.২৬ মিনিটলৈকে আৰম্ভ হ’ব লাগিব। আনহাতে, ফাইনেলৰ দিনা বেয়া বতৰৰ বাবে যদি এটাও বল বলিং কৰিব পৰা নাযায় তেন্তে তাৰ বাবে এটা ৰিজাৰ্ভ ডে ৰখা হৈছে।
নতুন নিয়ম অনুসৰি যদি বৰষুণৰ বাবে আই পি এল ২০২২ৰ ফাইনেল মেচখন মাজভাগত বন্ধ কৰিবলগীয়া হয়, তেন্তে ৰিজাৰ্ভ ডে’ত পিছদিনা খেলখন য’ৰ পৰা বন্ধ হৈছিল তাৰ পৰাই আৰম্ভ হ’ব।
যদি টছৰ পিছত খেল বন্ধ হৈ যায় আৰু এটাও বল বলিং নহয় তেন্তে ৰিজাৰ্ভ ডেৰ দিনা পুনৰ টছ হ’ব।
একে সময়তে ৰিজাৰ্ভ ডে’তো বৰষুণৰ বাবে খেলত বাধা আহিলে ছুপাৰ অভাৰ ব্যৱহাৰ কৰা হ’ব আৰু বৰষুণৰ বাবে ছুপাৰ অভাৰ সম্ভৱ নহ’লে পইণ্ট টেবুলত আগবাঢ়ি থকা দলটো চেম্পিয়ন হ’ব ।
উল্লেখযোগ্য যে গুজৰাট টাইটানছ টপাৰৰ স্থানত আছিল, আনহাতে ৰাজস্থান দুই নম্বৰত আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|