உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022 Prize Money: কাইলৈ টকাৰ বৰষুণ হ’ব আইপিএলৰ ফাইনেলত, পৰাজিত দলো হ'ব মালামাল, জানেনে কোনে পাব কিমান টকাৰ পুৰস্কাৰ?

    IPL 2022 Prize Money: কাইলৈ টকাৰ বৰষুণ হ’ব আইপিএলৰ ফাইনেলত, পৰাজিত দলো হ'ব মালামাল, জানেনে কোনে পাব কিমান টকাৰ পুৰস্কাৰ?

    IPL 2022 Prize Money:  IPL ২০০৮ অৰ্থাৎ প্ৰথম ছিজনত বিজয়ী দলটোৱে পুৰস্কাৰ হিচাপে ৪.৮ কোটি আৰু ৰানাৰ্ছ আপ দলটোৱে ২.৪ কোটি লাভ কৰে। কিন্তু, ১৪ বছৰত এই পৰিমাণ ৪ গুণ বৃদ্ধি পাইছে।

    IPL 2022 Prize Money: IPL ২০০৮ অৰ্থাৎ প্ৰথম ছিজনত বিজয়ী দলটোৱে পুৰস্কাৰ হিচাপে ৪.৮ কোটি আৰু ৰানাৰ্ছ আপ দলটোৱে ২.৪ কোটি লাভ কৰে। কিন্তু, ১৪ বছৰত এই পৰিমাণ ৪ গুণ বৃদ্ধি পাইছে।

    IPL 2022 Prize Money: IPL ২০০৮ অৰ্থাৎ প্ৰথম ছিজনত বিজয়ী দলটোৱে পুৰস্কাৰ হিচাপে ৪.৮ কোটি আৰু ৰানাৰ্ছ আপ দলটোৱে ২.৪ কোটি লাভ কৰে। কিন্তু, ১৪ বছৰত এই পৰিমাণ ৪ গুণ বৃদ্ধি পাইছে।

    • Share this:
    ২৯ মে’ (দেওবাৰে) আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আই পি এল ২০২২ৰ ফাইনেল  (IPL 2022 Final) খেলখন ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ (RR Vs GT) মাজত অনুষ্ঠিত হ’ব । গুজৰাট টাইটানছ (Gujarat Titans)ৰ এই লীগত প্ৰথম বছৰ আৰু দলটোৱে ফাইনেল খেলি আছে। একে সময়তে ৰাজস্থান (Rajasthan Royals) ২০০৮ অৰ্থাৎ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দল। পুনৰ ১৪ বছৰৰ পাছত ফাইনেল খেলিব দলটোৱে। লীগ পৰ্যায় শেষ হোৱাৰ পিছত এই দুয়োটা দলে শীৰ্ষ-২ত স্থান লাভ কৰে। এনে অৱস্থাত এই মেচখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে।

    আই পি এল ২০২২ৰ বিজয়ী দলটোৱে কেৱল এটা ধুনীয়া ট্ৰফী (IPL Trophy)য়েই নহয়, পুৰস্কাৰ হিচাপেও লাভ কৰিব এক বৃহৎ পৰিমাণৰ ধন। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আই পি এল ২০২২ৰ চেম্পিয়ন (IPL Champion) দলটোৱে পুৰস্কাৰ হিচাপে লাভ কৰিব ২০ কোটি টকা। আনহাতে ফাইনেলত পৰাস্ত হোৱা দলটোৱেও লাভ কৰিব ১৩ কোটি টকা। এই ধনৰাশি যোৱা বছৰৰ তুলনাত ৫০ লাখ টকা বেছি। যোৱা বছৰ ৰানাৰ্ছ আপ হোৱাৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে লাভ কৰিছিল ১২.৫০ কোটি টকা।

    একে সময়তে খিতাপ দখল কৰা দলটোৰ পুৰস্কাৰ ধনৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই। যোৱা বছৰ চেন্নাই ছুপাৰ কিংছে খিতাপ জয় কৰি ২০ কোটি টকা লাভ কৰিছিল। এইবাৰো বিজয়ী দলটোৱে পুৰস্কাৰ হিচাপে একেখিনি ধন লাভ কৰিব।

    RCBয়ে লাভ কৰিব ৭ কোটি টকা
    ইয়াৰ উপৰিও প্লেঅফ খেলা বাকী দলসমূহৰ ওপৰতো টকাৰ বৰষুণ পৰিব। তৃতীয় ৰেংকৰ দলটোৱে (কোৱালিফায়াৰ-২ পৰাজিত) ৭ কোটি আৰু চতুৰ্থ স্থানত থকা দলটোৱে ৬.৫ কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰিব। অৰ্থাৎ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কোৱালিফায়াৰ-২ত পৰাস্ত হোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই ৭ কোটি আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৬.৫ কোটি লাভ কৰিব। যোৱা ৪ বছৰ ধৰি বিজয়ী দলটোৱে পুৰস্কাৰ হিচাপে ২০ কোটি টকাহে লাভ কৰি আছে।

    আই পি এল অৰেঞ্জ কেপঃ আই পি এলৰ সমগ্ৰ ছিজনত সৰ্বাধিক ৰান কৰা বেটছমেনক এই বঁটা (Orange Cap) প্ৰদান কৰা হয়। এইবাৰ ৰাজস্থান ৰয়েলছৰ বেটছমেন জোছ বাটলাৰ এই দৌৰত আগবাঢ়ি আছে। অৰেঞ্জ কেপ বিজয়ীক ১৫ লাখ টকা দিয়া হ’ব।

    আই পি এল পাৰ্পল কেপঃ আই পি এলৰ এটা ছিজনত সৰ্বাধিক উইকেট দখল কৰা বলাৰজনে লাভ কৰে পাৰ্পল কেপ (Purple Cap)। এইবাৰ পুৰস্কাৰ হিচাপে দিয়া হ’ব ১৫ লাখ টকা।

    একে সময়তে ছিজনৰ উদীয়মান খেলুৱৈগৰাকীয়ে লাভ কৰিব ২০ লাখ টকাৰ পুৰস্কাৰ।

    ১৪ বছৰত ৪ গুণ বাঢ়িল পুৰস্কাৰৰ ধন
    IPL ২০০৮ অৰ্থাৎ প্ৰথম ছিজনত বিজয়ী দলটোৱে পুৰস্কাৰ হিচাপে ৪.৮ কোটি আৰু ৰানাৰ্ছ আপ দলটোৱে ২.৪ কোটি লাভ কৰে। কিন্তু, ১৪ বছৰত এই পৰিমাণ ৪ গুণ বৃদ্ধি পাইছে।
    Published by:Manjumoni Borah
    First published: