দিল্লী কেপিটেলছে তেওঁলোকৰ প্লে অফৰ আশা জীয়াই ৰাখিছে। দলটোৱে আই পি এল ২০২২ (IPL 2022) ৰ ৬৪ তম খেলত পঞ্জাৱ কিংছক (DC vs PBKS) ১৭ ৰাণত পৰাস্ত কৰিছে।
দিল্লী কেপিটেলছে তেওঁলোকৰ প্লে অফৰ আশা জীয়াই ৰাখিছে। দলটোৱে আই পি এল ২০২২ (IPL 2022) ৰ ৬৪ তম খেলত পঞ্জাৱ কিংছক (DC vs PBKS) ১৭ ৰাণত পৰাস্ত কৰিছে।
দিল্লী কেপিটেলছে তেওঁলোকৰ প্লে অফৰ আশা জীয়াই ৰাখিছে। দলটোৱে আই পি এল ২০২২ (IPL 2022) ৰ ৬৪ তম খেলত পঞ্জাৱ কিংছক (DC vs PBKS) ১৭ ৰাণত পৰাস্ত কৰিছে। এইটো ১৩ খন খেলত দলটোৰ ৭ম জয়। ইয়াৰ অৰ্থ হৈছে দলটোৱে ১৬ পইণ্টত উপনীত হ'ব পাৰে। আনহাতে, ৭ম পৰাজয়ৰ সৈতে, পাঞ্জাৱ কিংছ দলটোৱে এতিয়া সৰ্বাধিক ১৪ পইণ্টলৈ যাব পাৰিব। তালিকাত, দিল্লীদল ৫মৰ পৰা চতুৰ্থস্থানলৈ স্থানান্তৰিত হৈছে। প্ৰথমে বেট ধৰি দিল্লীয়ে ৭ টা উইকেট হেৰুৱাই ১৫৯ ৰাণৰ যুঁজাৰু স্ক'ৰ সংগ্ৰহ কৰিছিল। মিচেল মাৰ্শে অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাৱে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৪২ ৰাণহে সংগ্ৰহ কৰে। ফাষ্ট বলাৰ শাৰ্দুল ঠাকুৰে ৪ টা উইকেট লৈ দলটোৰ বিজয়ত ডাঙৰ ভূমিকা পালন কৰে।
লক্ষ্যৰ পিছে পিছে পঞ্জাৱ কিংছে এটা ভাল আৰম্ভণি কৰিছিল, শিখৰ ধাৱান আৰু জনি বেয়াৰস্টোৱে তীব্ৰ গতিৰে বেটিং কৰিছিল, দুয়োজনে ৩.৫ অভাৰত ৩৮ ৰাণ যোগ কৰিছিল। বেয়াৰস্টো ১৫ টা বলত ২৮ ৰাণ কৰি দ্ৰুত বলাৰ এনৰিক নৰ্কিয়াৰ চিকাৰ হয়। এটা সময়ত, পঞ্জাৱৰ স্ক'ৰ আছিল এটা উইকেটত ৫৩ আৰু তাৰ পিছতে খহনীয়া আৰম্ভ হয় আৰু ৬৭ ৰাণত ৬ উইকেট হেৰুৱাই। অৰ্থাৎ দলটোৱে ১৪ ৰাণত ৫ টা উইকেট হেৰুৱায়। জীতেশ শৰ্মাই দৃঢ়তাৰে খেলি ৩৪ টা বলত ৪৪ ৰাণ সংগ্ৰহ কৰিলেও দলক জয় কৰাব নোৱাৰিলে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|