মুখ্যপৃষ্ঠা » খবৰ

» ক্ৰীড়া

»IPL 2021: দিল্লী কেপিটেলছক পৰাস্ত কৰি IPLৰ ফাইনেলত KKR, ফাইনেলত মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছৰ

IPL 2021: দিল্লী কেপিটেলছক পৰাস্ত কৰি IPLৰ ফাইনেলত KKR, ফাইনেলত মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছৰ

Manjumoni Borah | News18-Assam
Updated:October 14, 2021, 12:01 AM IST
IPL 2021: দিল্লী কেপিটেলছক পৰাস্ত কৰি IPLৰ ফাইনেলত KKR, ফাইনেলত মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছৰ
IPL 2021ৰ মুখামুখি হ'ব KKR আৰু CSK

IPL 2021: ১৫ অক্টোবৰত ফাইনেলত KKR মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ (CSK)ৰ।

  • Share this:
ৰোমাঞ্চকৰ আৰু স্বাসৰুদ্ধকৰ খেলত  দিল্লী কেপিটেলছক ৩ উইকেটত পৰাস্ত কৰি IPLৰ ফাইনেলত প্ৰবেশ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। প্লেঅফৰ এখন খেলত শেষমুহূৰ্তত বীৰৰ দৰে বিজয় সাব্যস্ত কৰিলে KKRএ। এতিয়া ১৫ অক্টোবৰত ফাইনেলত KKR মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ (CSK)ৰ।

দিল্লী কেপিটেলছে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰিছিল মাত্ৰ ১৩৫ ৰাণ। বিজয়ৰ বাবে ১৩৬ ৰাণৰ লক্ষ্য সন্মুখত লৈ KKRএ সুন্দৰ আৰম্ভণি কৰিছিল যদিও শেষ মুহূৰ্তলৈ জয়ৰ আশা জগাই তুলিছিল দিল্লী কেপিটেলছে। ২০ নম্বৰ অভাৰত আৰ অশ্বীনে দুটাাা বলত দুটা উইকেট লৈ দিল্লীৰ মুখলৈ পানী আনি দিছিল যদিও ৰাহুল ত্ৰিপাঠীয়ে ৫ নম্বৰ বলটোত এটা বিশাল ছিক্স কোবাই KKRক ফাইনেললৈ লৈ যায়।

KKRৰ হৈ ভেংকটেশ আয়াৰে (Venkatesh Iyer) ৫৫ ৰাণ আৰু শুভমন গিলে (Shubhman Gill) ৪৬ ৰাণ কৰে। অন্তিম ২ অভাৰত  KKRক ১০ ৰাণৰ প্ৰয়োজন আছিল যদিও নৰ্টিয়েৰে ১৯ নম্বৰ অভাৰত মাত্ৰ ৩ ৰাণ দি মৰ্গানৰ উইকেটটো দখল কৰে।

অন্তিমটো অভাৰত ৬ টা বলত ৭ ৰাণ দৰকাৰ আছিল KKRক। প্ৰথম বলটোত ত্ৰিপাঠীয়ে ১ ৰাণকৰে, দ্বিতীয় বলটোত ছাকিবে ৰাণ কৰিব নোৱাৰিলে, তৃতীয় বলটোত ছাকিব এলবিডব্লিউ আউট হয়, চতুৰ্থবলটোত সুনীল নাৰাইণ আউট হৈ যায়। শেষৰ দুটা বলত KKRক জয়ৰ বাবে ৬ ৰাণ দৰকাৰ হৈছিল। ৫ নম্বৰ বলটোত ত্ৰিপাঠীয়ে বিশাল ছিক্সাৰেৰে KKRৰ হৈ বিজয়সূচক ৰাণ কৰে।

DC পইণ্ট টেবুলৰ শীৰ্ষত থকাৰ পিছতো ফাইনেলত উপনীত হ'ব নোৱাৰিলে। কোৱালিফায়াৰ ১ত CSKৰ হাতত পৰাস্ত হৈছিল DC। দিল্লী কেপিটেলছৰ হৈ শিখৰ ধাৱনে ৩৬ আৰু শ্ৰেয়াশ আয়াৰে ৩০ ৰাণ কৰে। পৃথ্বী শ্ব আৰু মাৰ্কাছ ষ্টইনিছে ১৮-১৮ ৰাণ কৰে।

উল্লেখ্য যে  CSK আৰু KKRৰ ফাইনেল মানে এইবাৰ IPLতো নতুন চেম্পিয়ন দেখা নাযাব । CSKই তিনিবাৰ আৰু KKRএ দুবাৰ IPLৰ খিতাব জয় কৰিছে।
Published by: Manjumoni Borah
First published: October 13, 2021, 11:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি