ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আৰু টি–২০ ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা। এই ছিৰিজৰ ববে বিৰাট কোহলীয়ে ল’ব অধিনায়কৰ দায়িত্ব। শিৱম ডুবেক প্ৰথমবাৰলৈ এদিনীয়া দলত স্থান দিয়াৰ বিপৰীতে কুলদীপ যাদৱ আৰু ভুবনেশ্বৰ কুমাৰ উভতি আহিছে টি–২০ দললৈ।
ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ বিৰুদ্ধে টি–২০ ছিৰিজতো কেইবাজনো যুৱ খেলুৱৈক সুযোগ দিয়া হৈছিল। দুৰ্বল প্ৰদৰ্শনৰ পছতে শিখৰ ধৱন আৰু ঋষভ পন্তক স্থান দিয়া হৈছে দলত। দুয়োগৰাকী খেলুৱৈকে এদিনীয়া আৰু টি–২০ দুয়োটা ফৰ্মেটৰ দলতে ৰখা হৈছে।
টি–২০ দলটো :
বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, কে এল ৰাহুল, শিখৰ ধৱন, ঋষভ পন্ত, মনীষ পাণ্ডে, শ্ৰেয়ষ আয়াৰ, শিৱম ডুবে, ৰবীন্দ্ৰ যাদেজা, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, দীপক চাহৰ, ভুবনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামী।
এদিনীয়া দলটো :
বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, কে এল ৰাহুল, শিখৰ ধৱন, ঋষভ পন্ত, মনীষ পাণ্ডে, শ্ৰেয়ষ আয়াৰ, শিৱম ডুবে, ৰবীন্দ্ৰ যাদেজা, কেদাৰ যাদৱ, য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, দীপক চাহৰ, ভুবনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামী।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|