দেওবাৰে ৱেষ্ট ইণ্ডিজ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। আৰু প্ৰত্যাশিত ভাৱেই শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হ’ল উইকেট কিপাৰ বেটচমেন মহেন্দ্ৰ সিং ধোনীক। এতিয়া দুমাহ জাতীয় দলৰ পৰা আতঁৰি ধোনীয়ে নিজৰ পেৰামিলিটেৰী ৰেজীমেণ্টলৈ আগবঢ়াব সেৱা। ইতিমধ্যে ভাৰতীয় সামৰিক সেৱাইয়ো অনুমতি প্ৰদান কৰিছে ধোনীক। সোমবাৰে ভাৰতীয় স্থল সেনাৰ মুৰব্বী বিপিন ৰাৱটে ধোনীয়ে ল’ব লগীয়া প্ৰশিক্ষণত চুড়ান্ত মোহৰ মাৰে। আগন্তুক কিছুদিন ধোনীয়ে ভাৰতীয় সেনাৰ পেৰাছ্যুট ৰেজিমেণ্ট বেটেলিয়ানৰ সৈতে প্ৰশিক্ষণ ল’ব। প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰশিক্ষণ জম্মু–কাশ্মীৰত হ’ব। কিন্তু ভাৰতীয় আৰ্মীয়ে ধোনীক সক্ৰিয় অপাৰেচনত ভাগ লোৱাৰ অনুমতি প্ৰদান কৰা নাই।
![]()
বিশ্বকাপ প্ৰতিযোগিতাৰ আগতেই ধোনীয়ে বিচিচিআইৰ বিষয়াক সাক্ষাৎ কৰি কৈছিল যে তেওঁ ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব নোৱাৰে। ধোনীয়ে স্পষ্টকৈ কৈছিল কৈছিল যে বিশ্বকাপৰ পূৰ্বেই তেওঁ টেৰিটৰিয়েল আৰ্মীৰ পেৰাছ্যুট ৰেজিমেণ্টত সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল। সেইবাবে তেওঁ ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ নাযায়। উল্লেখযোগ্য যে ২০১১ চনত ধোনীক সন্মানজনকভাৱে প্ৰদান কৰা হৈছিল সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ পদ।
![]()
বিশ্বকাপ শেষ হোৱাৰ পিছতে ধোনীৰ অৱসৰক লৈ চলিছিল ব্যাপক চৰ্চা। খবৰ অনুসৰি, বিচিচিআইৰ বিষয়াই ক্ৰিকনেক্সটক কয় যে ধোনীয়ে কেৱল দুমাহৰ বাবেহে বিৰতি ল’ব। অৱসৰক লৈ এতিয়াও ধোনীয়ে একো সিদ্ধান্ত লোৱা নাই আৰু বিচিচিআইক এই কথা
স্পষ্ট কৰি দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|