ভাৰতে মুম্বাই টেষ্টত নিউজীলেণ্ডক ৩৭২ ৰানত পৰাস্ত কৰি ছিৰিজ দখল কৰিলে। টীম ইণ্ডিয়াই নিউজীলেণ্ডক ৫৪০ ৰানত পৰ্বতসম লক্ষ্য বান্ধি দিছিল। এই লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল নিউজীলেণ্ড আৰু দ্বিতীয় ইনিংছত মাত্ৰ ১৬৭ ৰানত অলআউট হৈ যায় দলটো। ভাৰতীয় বলাৰৰ সন্মুখত একপ্ৰকাৰ দিশহাৰা হৈ পৰে নিউজীলেণ্ডৰ বেটছমেনসকল।
সোমবাৰে ভাৰতে দ্বিতীয় আৰু অন্তিম টেষ্ট ক্ৰিকেট মেচৰ চতুৰ্থ দিনা নিউজীলেণ্ডক ৩৭২ ৰানত পৰাস্ত কৰি দুখন মেচৰ ছিৰিজত ১–০ৰ ব্যৱধানত জয়লাভ কৰে। নিউজীলেণ্ড দলে ৫৪০ ৰানৰ কঠিন লক্ষ্য অনুসৰণ কৰি নিজৰ দ্বিতীয় ইনিংছত ১৬৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ভাৰতে নিজৰ প্ৰথম ইনিংছত ৩২৫ ৰান সংগ্ৰহ কৰিছিল, প্ৰত্যুত্তৰত নিউজীলেণ্ডে মাত্ৰ ৬২ ৰান কৰিছিল। ভাৰতে নিজৰ দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ২৭৬ ৰানত ইনিংছ সমাপ্ত ঘোষণা কৰিছিল।
দুয়োটা দলৰ মাজৰ কানপুৰত খেলা প্ৰথমখন টেষ্টমেচ ড্ৰ হৈছিল। এয়া ভাৰতীয় ক্ৰিকেট দলৰ ঘৰুৱা মাটিত ক্ৰমাগতভাৱে ১৪সংখ্যক টেষ্ট ছিৰিজ জয়। লগতে এয়া টেষ্ট ক্ৰিকেটত ভাৰতৰ আটাইতকৈ ডাঙৰ জয়।
ভাৰতে নিউজীলেণ্ডৰ সন্মুখত ৫৪০ ৰানৰ বিশাল লক্ষ্য ৰখাৰ পিছত তৃতীয় দিনা পাঁচটা উইকেট হেৰুৱাই দ্বিতীয় আৰু অন্তিম টেষ্ট মেচত দেওবাৰে বৃহৎ জয়ৰ দিশে আগবাঢ়ে। নিউজীলেণ্ডে তৃতীয় দিনৰ খেল সমাপ্ত হোৱালৈ নিজৰ দ্বিতীয় ইনিংছত পাঁচ উইকেটৰ বিনিময়ত ১৪০ ৰান সংগ্ৰহ কৰিছিল।
নিজৰ প্ৰথম ইনিংছত ৩২৫ ৰান সংগ্ৰহ কৰা ভাৰতে দ্বিতীয় ইনিংছত ৭ উইকেটত ২৭৬ ৰানত ইনিংছ সমাপ্তি ঘোষণা কৰে। নিউজীলেণ্ডৰ দলে প্ৰথম ইনিংছত মাত্ৰ ৬২ ৰান সংগ্ৰহ কৰি আউট হৈ যায়। ভাৰতীয় বলাৰৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত টিকিব নোৱাৰিলে নিউজীলেণ্ডৰ বেটছমেনসকল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|