বাংলাদেশৰ মিৰপুৰৰ শ্বেৰ-ই বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৩ খন খেলৰ শৃংখলাৰ আজি প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক খেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব ভাৰতে।
এই পৰ্যন্ত ভাৰত আৰু বাংলাদেশৰ দলৰ মাজত ৩৬ খন এদিনীয়া খেল অনুষ্ঠিত হৈছে, ইয়াৰে টীম ইণ্ডিয়াই ৩০ খন খেলত জয়লাভ কৰাৰ বিপৰীতে বাংলাদেশে মাত্ৰ ৫ খন খেলতহে জয়লাভ কৰিছে।
উল্লেখযোগ্য যে, এখন ইয়াৰ পূৰ্বে ৭ বছৰ আগতে বাংলাদেশত অনুষ্ঠিত এদিনীয়া শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় দলটোৱে। তাৰ পাছত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত থকা টীম ইণ্ডিয়াই শৃংখলাত পৰাস্ত হ’বলগীয়া হৈছিল।
উল্লেখযোগ্য যে, বাংলাদেশত দুয়োটা দলৰ মাজত এইখন ৫ম দ্বিপাক্ষিক এদিনীয়া শৃংখলা। ইয়াৰ পূৰ্বে ভাৰতে বাংলাদেশত ৪খন এদিনীয়া শৃংখলা জয় কৰাৰ বিপৰীতে আয়োজক দলটোৱে ২০১৫ চনত ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ পৰা এদিনীয়া শৃংখলাত জয়লাভ কৰিছিল। বাংলাদেশে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|