• Home
  • »
  • News
  • »
  • sports
  • »
  • Women’s ODI World Cup : ভাৰতত অনুষ্ঠিত হ’ব ২০২৫ৰ মহিলা ক্ৰিকেট বিশ্বকাপ

Women’s ODI World Cup : ভাৰতত অনুষ্ঠিত হ’ব ২০২৫ৰ মহিলা ক্ৰিকেট বিশ্বকাপ

শেষবাৰৰ বাবে ভাৰতে ৫০ অভাৰৰ মহিলাৰ বিশ্বকাপ আয়োজন কৰিছিল ২০১৩ চনত। সেই বিশ্বকাপত অষ্ট্ৰেলিয়াই মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচত ৱেষ্ট ইণ্ডিজক ১১৪ ৰানত পৰাস্ত কৰি চেম্পিয়ন হয়।

  • Share this:

ভাৰতে ২০২৫ত মহিলাৰ ৫০ অভাৰৰ বিশ্বকাপ (Women’s ODI World Cup)ৰ আয়োজন কৰিব। ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ড (বিচিচিআই)–এ মঙলবাৰে বাৰ্মিংহামত সম্পন্ন হোৱা আইচিচিৰ বাৰ্ষিক সন্মিলনত এই মেগা টুৰ্ণামেণ্টৰ বাবে বিডত জয়ী হৈছে। এটা দশকৰো অধিক সময়ৰ পিছত ভাৰতে পুনৰ আইচিচিৰ এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টৰ আয়োজন কৰিব।

শেষবাৰৰ বাবে ভাৰতে ৫০ অভাৰৰ মহিলাৰ বিশ্বকাপ আয়োজন কৰিছিল ২০১৩ চনত। সেই বিশ্বকাপত অষ্ট্ৰেলিয়াই মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচত ৱেষ্ট ইণ্ডিজক ১১৪ ৰানত পৰাস্ত কৰি চেম্পিয়ন হয়।

আইচিচিৰ ফালৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি, বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে কয়, ‘আমি আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ আয়োজন কৰাৰ বাবে ইচ্ছুক আছিলো আৰু আমি সুখী যে আমি এই সুযোগ পাইছো।’
মঙলবাৰে আইচিচিৰ আন তিনিখন মহিলা টুৰ্ণামেণ্টৰ আয়োজকৰো ঘোষণা কৰা হয়। ২০২৪ চনত বাংলাদেশে আয়োজন কৰিব টি-২০ বিশ্বকাপ। ২০২৬ৰ টি–২০ বিশ্বকাপ ইংলেণ্ডত আয়োজন কৰা হ’ব আৰু ২০২৭ৰ টি–২০ বিশ্বকাপৰ আয়োজন কৰিব শ্ৰীলংকাই।

Published by:Sanjay Kumar Das
First published: