IND vs WI: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩খন মেচৰ এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে প্ৰবীণ অ’পেনাৰ শিখৰ ধাৱানক।
IND vs WI: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩খন মেচৰ এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে প্ৰবীণ অ’পেনাৰ শিখৰ ধাৱানক।
২২ জুলাইৰ পৰা প’ৰ্ট অৱ স্পেইনত আৰম্ভ হ’বলগীয়া ৱেষ্ট ইণ্ডিজ (IND vs WI)ৰ বিৰুদ্ধে ৩খন মেচৰ এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে প্ৰবীণ অ’পেনাৰ শিখৰ ধাৱান (Shikhar Dhawan)ক। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা (Rohit Sharma)ক এই শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। তেওঁৰ বাহিৰেও প্ৰবীণ বেটছমেন বিৰাট কোহলী, পেচাৰ জছপ্ৰীত বুমৰাহ, অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু উইকেটকীপাৰ ঋষভ পন্তকো এই শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ জ্যেষ্ঠ বাছনি সমিতিয়ে এদিনীয়া প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰে ১৬ জনীয়া ভাৰতীয় দল। তিনিখন এদিনীয়া খেল ট্ৰিনিদাদৰ প’ৰ্ট অৱ স্পেইনত অনুষ্ঠিত হ’ব। এদিনীয়া শৃংখলাৰ পিছত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ বিৰুদ্ধে ৫ খন টি-২০ ইণ্টাৰনেশ্যনেল খেলিব যাৰ বাবে নতুনকৈ দল ঘোষণা কৰা হ’ব।
৩৬ বছৰীয়া শিখৰ ধাৱনে চলিত বৰ্ষত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিছিল। ২০১৮ চনৰ পৰা টেষ্ট দলৰ পৰা আঁতৰি থকাৰ বিপৰীতে ২০২১ চনৰ জুলাই মাহৰ পৰা টি-২০ দলৰ পৰা বাহিৰত আছে ধাৱন। ২০১০ চনত এদিনীয়া অভিষেক ঘটোৱা ধাৱনে এই ফৰ্মেটত এই পৰ্যন্ত ১৪৯ খন খেল খেলি ১৭টা শতকৰ সহায়ত মুঠ ৬২৮৪ ৰান সংগ্ৰহ কৰিছে।
ভাৰতীয় দলটো: শিখৰ ধাৱান (অধিনায়ক), ৰবীন্দ্ৰ জাদেজা (ভাইচ কেপ্তেইন), ঋতুৰাজ গাইকোৱাড, শুভমান গিল, দীপক হুডা, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াস আয়াৰ, ঈশান কিষাণ (উইকেট কীপাৰ), সঞ্জু চেমছন (উইকেট কীপাৰ), শাৰদুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, অক্ষৰ পেটেল , আৱেশ খান, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ ছিৰাজ আৰু অৰ্শদীপ সিং।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|