২২ জুলাইৰ পৰা পোৰ্ট অৱ স্পেইনত আৰম্ভ হ'ব লগা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব পৰা ৩ খন এদিনীয়া শৃংখলাত অভিজ্ঞ অপেনাৰ শিখৰ ধাৱানক ভাৰতীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।
২২ জুলাইৰ পৰা পোৰ্ট অৱ স্পেইনত আৰম্ভ হ'ব লগা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব পৰা ৩ খন এদিনীয়া শৃংখলাত অভিজ্ঞ অপেনাৰ শিখৰ ধাৱানক ভাৰতীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।
২২ জুলাইৰ পৰা পোৰ্ট অৱ স্পেইনত আৰম্ভ হ'ব লগা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব পৰা ৩ খন এদিনীয়া শৃংখলাত অভিজ্ঞ অপেনাৰ শিখৰ ধাৱানক ভাৰতীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছে। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাক এই শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে। তেওঁৰ উপৰিও অভিজ্ঞ বেটছমেন বিৰাট কোহলী, পেচাৰ যশপ্ৰীত বুমৰাহ, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু উইকেটকিপাৰ ঋষভ পন্তো শৃংখলাটোৰ অংশ নহ'ব।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) জ্যেষ্ঠ বাছনি সমিতিয়ে এদিনীয়া খেলৰ বাবে ১৬ জনীয়া ভাৰতীয় দল বাছনি কৰিছে। তিনিওখন এদিনীয়া খেল ত্ৰিনিদাদৰ পোৰ্ট অফ স্পেইনত খেলা হ'ব। এদিনীয়া শৃংখলাৰ পিছত, ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিব যাৰ বাবে দলটো ঘোষণা কৰা হ'ব।
দলটো এনেধৰণৰ: শিখৰ ধাৱান (অধিনায়ক), ৰবীন্দ্ৰ জাদেজা (সহ-অধিনায়ক), ৰিতুৰাজ গায়কৱাড, শুভমান গিল, দীপক হুডা, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, ঈশান কিষাণ (উইকেটকিপাৰ), সঞ্জু চেমচন (উইকেটকিপাৰ), শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, অক্ষৰ পেটেল, আৱেশ খান, প্ৰসিদ্ধ কৃষ্ণা, মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিং।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|