ভাৰতীয় দলটোৱে শৃংখলাৰ দ্বিতীয় এদিনীয়াত (IND vs ZIM 2nd ODI) জিম্বাবোৱেক ৫ উইকেটত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে, কে এল ৰাহুলৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৩ খন খেলৰ শৃংখলাত ২-০ ৰ অপৰাজিত অগ্ৰগতি লাভ কৰে।
শনিবাৰে হাৰাৰেত খেলা এই খেলখনত শাৰ্দুল ঠাকুৰৰ নেতৃত্বত ভাৰতীয় বলাৰসকলে জিম্বাবোৱেক ৩৮.১ অভাৰত ১৬১ ৰাণত অলআউট কৰে। ইয়াৰ পিছত, লক্ষ্যটো ২৫.৪ অভাৰত অৰ্জন কৰে কিন্তু ভাৰতৰ ৫ টা উইকেটৰ পতন হয়। উইকেটকিপাৰ বেটছমেন সঞ্জু চেমছনে ৪৩ ৰাণত অপৰাজিত হৈ উভতি আহে। পেচাৰ শাৰ্দুল ঠাকুৰে ৩ টা উইকেট দখল কৰে। শৃংখলাটোৰ তৃতীয় আৰু অন্তিম এদিনীয়া খন ২২ আগষ্টত একে স্থানতে খেলা হ'ব।
শিখৰ ধাৱান আৰু অধিনায়ক কে এল ৰাহুলে জিম্বাবোৱেৰ পৰা ১৬২ ৰাণৰ লক্ষ্য মুকলি কৰিবলৈ ওলাই আহিছিল। টীম ইণ্ডিয়াই ৰাহুলৰ (১) ৰূপত প্ৰথম আঘাত লাভ কৰে, যাক ইনিংছৰ দ্বিতীয় অভাৰৰ চতুৰ্থ বলত ভিক্টৰ নিউচিয়ে পেভিলিয়নলৈ প্ৰেৰণ কৰে। শিখৰ ধাৱানে তেতিয়া শুভমান গিলৰ সৈতে ইনিংছটো আগুৱাই লৈ গৈছিল আৰু দ্বিতীয় উইকেটৰ বাবে ৪২ ৰাণ যোগ কৰিছিল। ক্ৰমাগত ভাৱে দলটোৱে উইকেট হেৰৱালেও লক্ষ্য কম হোৱা বাবে সহজেই এই লক্ষ্য পাবলৈ সক্ষম হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|