• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs ZIM: শুভমান গিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্জন কৰিলে প্ৰথম শতক ! জিম্বাবোৱেৰ সন্মুখত ২৯০ ৰানৰ লক্ষ্য ...

IND vs ZIM: শুভমান গিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্জন কৰিলে প্ৰথম শতক ! জিম্বাবোৱেৰ সন্মুখত ২৯০ ৰানৰ লক্ষ্য ...

তৃতীয় এদিনীয়াত (IND vs ZIM 3rd ODI) ভাৰতে টছত জয়ী হৈ ৫০ অভাৰত ৮ উইকেটত ২৮৯ ৰাণ সংগ্ৰহ কৰে। শুভমান গিল ১৩০ ৰাণত আউট হয়।

তৃতীয় এদিনীয়াত (IND vs ZIM 3rd ODI) ভাৰতে টছত জয়ী হৈ ৫০ অভাৰত ৮ উইকেটত ২৮৯ ৰাণ সংগ্ৰহ কৰে। শুভমান গিল ১৩০ ৰাণত আউট হয়।

তৃতীয় এদিনীয়াত (IND vs ZIM 3rd ODI) ভাৰতে টছত জয়ী হৈ ৫০ অভাৰত ৮ উইকেটত ২৮৯ ৰাণ সংগ্ৰহ কৰে। শুভমান গিল ১৩০ ৰাণত আউট হয়।

  • Share this:
শুভমান গিলে জিম্বাবোৱে শৃংখলাত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। তেওঁ ৩ খন খেলত দ্বিতীয়বাৰৰ বাবে ৫০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে। তৃতীয় এদিনীয়াত (IND vs ZIM 3rd ODI) ভাৰতে টছত জয়ী হৈ ৫০ অভাৰত ৮ উইকেটত ২৮৯ ৰাণ সংগ্ৰহ কৰে। শুভমান গিল ১৩০ ৰাণত আউট হয়। এইটো তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰৰ প্ৰথম শতক। তেওঁ ৮২ টা বলত ১২ টা চাৰিৰ সহায়ত শতক সম্পূৰ্ণ কৰিছিল।

ইয়াৰ পূৰ্বে, তেওঁ শৃংখলাটোৰ প্ৰথমখন খেলত অপৰাজিত ৮২ ৰাণ সংগ্ৰহ কৰে আৰু দলটোক ১০ উইকেটত ডাঙৰ জয় প্ৰদান কৰে। ভাৰতীয় দলটো শৃংখলাটোত ২-০ত আগবাঢ়ি আছে। শৃংখলাটোত এতিয়ালৈকে জিম্বাবোৱেৰ দলটোৱে কোনো খেলত ২০০ ৰাণত উপনীত হোৱা নাই।

২২ বছৰীয়া যুৱ বেটছমেন শুভমন গিলে এদিনীয়া কেৰিয়াৰত এক সুন্দৰ আৰম্ভণি কৰিছে। তেওঁ কেৱল তেওঁৰ নৱম খেলখন খেলি আছে। তেওঁ এটা শতক আৰু ৩ টা অৰ্ধ-শতক অৰ্জন কৰিছে। গড় ৭০ তকৈ অধিক। তেওঁ ২০১৮ চনত অনুৰ্ধ-১৯ বিশ্বকাপ খিতাপ জয় কৰা দলটোৰ অংশ আছিল। তাৰ পিছত ডিচেম্বৰ ২০১৮-ত, তেওঁ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ ২৬৮ ৰাণৰ আটাইতকৈ ডাঙৰ ইনিংছ খেলিছিল। এতিয়া ২০২২ চনত, তেওঁ আন্তৰ্জাতিক কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰিছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি