তৃতীয় এদিনীয়াত টীম ইণ্ডিয়াই (Team Inda) ৱেষ্ট ইণ্ডিজক ৯৬ ৰাণত পৰাস্ত কৰে। ইয়াৰ সৈতে, দলটোৱে এদিনীয়া শৃংখলাত (India vs West Indies) ক্লিন চুইপ কৰে আৰু ইয়াক ৩-০ ত দখল কৰে।

খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ২৬৫ ৰাণ সংগ্ৰহ কৰে। শৃংখলাটোৰ প্ৰথমখন মেচ খেলি থকা শ্ৰেয়াছ আয়াৰে ১১১ টা বলত ৮০ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল। ইয়াৰ উপৰিও ঋষভ পন্তেও ৫৬ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে ৩৭.১ অভাৰত মাত্ৰ ১৬৯ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু ২ টা উইকেট দখল কৰে। নতুন এদিনীয়া অধিনায়ক হোৱাৰ পিছত এইটো ৰোহিত শৰ্মাৰ প্ৰথম শৃংখলা আছিল। তেওঁ জয়েৰে আৰম্ভ কৰিছে।
ৱেষ্ট ইণ্ডিজৰ কোনো বেটছমেনে খেলিব নোৱাৰিলে আৰু স্ক'ৰ আছিল ৭ উইকেটত ৮২ ৰাণ। কাইৰন প'লাৰ্ডৰ ঠাইত অধিনায়কত্ব কৰি থকা নিকোলাছ পুৰাণ ৩৪ ৰাণত কুলদীপ যাদৱৰ চিকাৰ হয়। ওডিয়ান স্মিথে ১৮ টা বলত আক্ৰমণাত্মক ৩৬ ৰাণ কৰি দলটোৰ স্ক'ৰ ১২০ ৰাণৰ সীমা অতিক্ৰম কৰে। তেওঁ ৩টা চাৰি আৰু ৩ টা ছয় মাৰিছিল। ইয়াৰ পিছত, আলজাৰি জোচেফেও ২৯ ৰাণ সংগ্ৰহ কৰি দলটোক এক ডাঙৰ পৰাজয়ৰ পৰা ৰক্ষা কৰে। ভাৰতৰ হৈ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাই ৩টাকৈ উইকেট দখল কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|