ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ (India vs West Indies) মাজত শৃংখলাটোৰ অন্তিম খন এদিনীয়া খেলত প্ৰথমে বেটিং কৰি ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ৰ বাবে ২৬৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰ আৰু ঋষভ পন্তে উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে।

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ (India vs West Indies) মাজত শৃংখলাটোৰ তৃতীয় আৰু অন্তিম খন এদিনীয়া খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। প্ৰথমে বেটিং কৰি ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ৰ বাবে ২৬৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে।
ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰ আৰু ঋষভ পন্তে উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ উপৰিও, দীপক চাহাৰে নিম্ন ক্ৰমত ৩৮ ৰাণৰ ইনিংছ খেলে আৰু সুন্দৰেও সুন্দৰ বেটিং কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ জেচন হোল্ডাৰে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে আলজাৰি জোছেফ আৰু হেডেন ৱালছ জুনিয়ৰে দুটাকৈ উইকেট দখল কৰে, ওডিয়ান স্মিথ আৰু ফেবিয়ান এলেনে এটাকৈ উইকেট দখল কৰে।
প্ৰত্য়ুত্তৰত লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে প্ৰথম ৫ অভাৰৰ ভিতৰতে দুয়োগৰাকী অপেনাৰসহ ৩টা উইকেট হেৰুৱাই শলঠেকত পৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|