ভাৰতে টি-২০ বিশ্বকাপত (টি-২০ বিশ্বকাপ ২০২১) একেৰাহে দ্বিতীয়খন মেচত জয়লাভ কৰি প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে। প্ৰতিযোগিতাখনৰ গ্ৰুপৰ চতুৰ্থখন খেলত ভাৰতে স্কটলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত স্কটলেণ্ডে প্ৰথম ইনিংছত মাত্ৰ ৮৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই ৬.৩ অভাৰতে মাত্ৰ ২ টা উইকেট হেৰুৱাই জয়লাভ কৰে। অৰ্থাৎ দলটোৱে মাত্ৰ ৩৯ টা বলতে জিকে খেলখন। কে এল ৰাহুলে আক্ৰমণাত্মক বেটিং কৰি মাত্ৰ ১৯টা বলত ৫০ ৰান কৰিছিল। এই জয়ৰ সৈতে, টীম ইণ্ডিয়াই ছেমি ফাইনেলৰ দৌৰত এতিয়া বহুদূৰ আগবাঢ়িছে।
কাৰ ৰানৰেট কিমান?চুপাৰ-12ৰ গ্ৰুপ-2টোত ইতিমধ্যে পাকিস্তানে চাৰিওখন মেচতে জয়লাভ কৰিছে। পাকিস্তানে ইতিমধ্যে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। নামিবিয়া ৩ খন মেচ আৰু স্কটলেণ্ড ৪ খনত পৰাজিত হোৱাৰ পিছত নকআউট ৰাউণ্ডৰ পৰা বাহিৰ হৈছে। এতিয়া ভাৰত, নিউজিলেণ্ড আৰু আফগানিস্তানৰ পৰা মাত্ৰ এটা দলহে পৰৱৰ্তী ৰাউণ্ডলৈ যাব। টীম ইণ্ডিয়াৰ ৰানৰেট গ্ৰুপত সৰ্বশ্ৰেষ্ঠ। দলটোৰ ৰানৰেট হৈছে ১.৬১। সেইদৰে আফগানিস্তানৰ ৰানৰেট ১.৪৮।
কিদৰে ভাৰতীয় দলে খেলিব পাৰিব ছেমিফাইনেল?নিউজিলেণ্ডৰ ৪ খন খেলত ৬ পইণ্ট আছে। দলটো গ্ৰুপৰ দ্বিতীয় স্থানত আছে আৰু তেওঁলোকৰ ৰানৰেট ১.২৭। ভাৰত আৰু আফগানিস্তানৰ ৪-৪ খন খেলত ৪ পইণ্ট আছে। এনে পৰিস্থিতিত, আমি ছেমি ফাইনেলৰ দৌৰত টীম ইণ্ডিয়া কোন পৰ্যায়ত আছে তাৰ বাবে সমগ্ৰ গণিতটো বুজিব লাগিব। তিনিওটা দলৰ এটাকৈ খেল বাকী আছে। ৭ নৱেম্বৰত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত মেচ আছে। যদি আফগানিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰে, কিৱিবাহিনী ছেমি ফাইনেলৰ পৰা বাহিৰ হ'ব কিয়নো তেওঁলোকৰ ৰানৰেট ভাৰত আৰু আফগানিস্তান দুয়োটা দলতকৈ কম।
আফগানিস্তানৰ ৰানৰেট বৰ্তমান টীম ইণ্ডিয়াতকৈ কম।যদি আফগানিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে পইণ্ট হ'বগৈ ৬। সেইদৰে ৰানৰেটো বৃদ্ধি পাব। কিন্তু তেতিয়াও টীম ইণ্ডিয়াৰ চিন্তা নাথাকিব। কাৰণ ভাৰতে ৮ নৱেম্বৰত গ্ৰুপৰ চূড়ান্ত খেলখনত নামিবিয়াৰ বিৰুদ্ধে খেলিব। মেচখনত বিজয় সাব্যস্ত কৰিলে ভাৰতৰ ৰানৰেটো উত্তৰণ ঘটিব। কিন্তু সকলো নিৰ্ভৰ কৰি আছে আফগানিস্তান আৰু নিউজিলেণ্ডৰ খেলখনৰ ওপৰতে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 06, 2021, 09:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।