অৱশেষত টি-২০ শৃংখলাত টীম ইণ্ডিয়াই প্ৰথম জয়ৰ মুখ দেখিছে। মঙলবাৰে শৃংখলাটোৰ তৃতীয়খন খেলত দলটোৱে দক্ষিণ আফ্ৰিকাক ৪৮ ৰাণত পৰাস্ত কৰে।
অৱশেষত টি-২০ শৃংখলাত টীম ইণ্ডিয়াই প্ৰথম জয়ৰ মুখ দেখিছে। মঙলবাৰে শৃংখলাটোৰ তৃতীয়খন খেলত দলটোৱে দক্ষিণ আফ্ৰিকাক ৪৮ ৰাণত পৰাস্ত কৰে।
অৱশেষত টি-২০ শৃংখলাত টীম ইণ্ডিয়াই প্ৰথম জয়ৰ মুখ দেখিছে। মঙলবাৰে শৃংখলাটোৰ তৃতীয়খন খেলত দলটোৱে দক্ষিণ আফ্ৰিকাক ৪৮ ৰাণত পৰাস্ত কৰে। পৰাজয়ৰ পাছতো দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৫ খন খেলৰ শৃংখলাত ২-১ গ'লত আগবাঢ়ি আছে। টছত পৰাজিত হৈ প্ৰথমে খেলি ভাৰতীয় দলে ৫ টা উইকেট হেৰুৱাই ১৭৯ ৰাণ সংগ্ৰহ কৰে। ৰিতুৰাজ গায়কৱাড় আৰু ঈশান কিষাণে অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ প্ৰত্যুত্তৰত আফ্ৰিকা ১৯.১ অভাৰত ১৩১ ৰাণত অল আউট হয়। লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালে শৃংখলাটোত প্ৰথমবাৰৰ বাবে ৰং দেখায় আৰু ৩ টা উইকেট দখল কৰে।
লক্ষ্যৰ পিছে পিছে দক্ষিণ আফ্ৰিকাৰ দলটোৱে চতুৰ্থ অভাৰত প্ৰথম আঘাতৰ সন্মুখীন হয়। অক্ষৰ পেটেলে টেম্বা বাভুমাক ৮ ৰাণত আউট কৰিছিল। ইয়াৰ পিছত, হেণ্ড্ৰিক্স ২৩ ৰাণত হৰ্ষল পেটেলৰ চিকাৰ হয়। ৰাছি ভান ডুৰে ডুছেন এক ৰাণত চাহালৰ চিকাৰ হয়। ইফালে, প্ৰিটোৰিয়াছ ২০ ৰাণত চাহালৰ দ্বিতীয়টো চিকাৰ হয়।
৫ টা উইকেটৰ পতনৰ পিছত, গোটেই বোজা ক্লাছেনৰ ওপৰত আছিল। কিন্তু তেওঁ চাহালৰ দ্বাৰা ২৪ টা বলত ২৯ ৰাণ কৰি আউট হয়। ডেভিদ মিলাৰে হৰ্ষল পেটেলৰ বলত ৩ ৰাণ কৰি আউট হয়। ৱেইন পাৰনেলে অপৰাজিত ৩৩ ৰাণ সংগ্ৰহ কৰি দলৰ স্ক'ৰ ১৩০ ৰাণ অতিক্ৰম কৰায়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|