মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IND vs PAK: পৰাজয়ৰ পিছত ক্ষুব্ধ বিৰাট কোহলী, পাকিস্তানী সাংবাদিকৰ ওপৰত উজাৰিলে খং! ক’লে – বিতৰ্ক লাগে যদি কৈ দিয়ক...

IND vs PAK: পৰাজয়ৰ পিছত ক্ষুব্ধ বিৰাট কোহলী, পাকিস্তানী সাংবাদিকৰ ওপৰত উজাৰিলে খং! ক’লে – বিতৰ্ক লাগে যদি কৈ দিয়ক...

এয়া বিশ্বকাপৰ ইতিহাসত (এদিনীয়া আৰু টি২০) পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধে প্ৰথম জয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল পাকিস্তানে প্ৰথমবাৰ ভাৰতৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে।

এয়া বিশ্বকাপৰ ইতিহাসত (এদিনীয়া আৰু টি২০) পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধে প্ৰথম জয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল পাকিস্তানে প্ৰথমবাৰ ভাৰতৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে।

  • Share this:
ভাৰতীয় দলৰ টি২০ বিশ্বকাপ (T20 World Cup)ত অনুৰাগীয়ে আশা কৰা ধৰণৰ আৰম্ভণি নহ’ল। দেওবাৰে চিৰবৈৰী পাকিস্তানে ১০ উইকেটত পৰাস্ত কৰে কোহলী বাহিনীক। ডুবাইত অনুষ্ঠিত হোৱা বহু প্ৰতীক্ষিত মেচখনত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ (Virat Kohli) অৰ্ধশতকৰ সহায়ত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে। পাকিস্তান দলে অধিনায়ক বাবৰ আজম (Babar Azam) আৰু মহম্মদ ৰিজৱান (Mohammad Rizwan)ৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ১৭.৫ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

এয়া বিশ্বকাপৰ ইতিহাসত (এদিনীয়া আৰু টি২০) পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধে প্ৰথম জয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল পাকিস্তানে প্ৰথমবাৰ ভাৰতৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে। এই মেচখনত ভাৰতীয় দলৰ শীৰ্ষৰ বেটছমেনসকল ব্যৰ্থ হয়। অপেনাৰ ৰোহিত শৰ্মা (Rohit Sharma)ই কোনো ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। কে এল ৰাহুলে (KL Rahul) মাত্ৰ ৩ ৰান কৰি পেভিলিয়নমুখী হয়। সূৰ্যকুমাৰ যাদৱেও মাত্ৰ ১১ ৰান সংগ্ৰহ কৰে। মেচৰ অন্তত বিৰাট কোহলীক ৰোহিত শৰ্মা সম্পৰ্কত প্ৰশ্ন কৰাত ক্ষুব্ধ হৈ পৰে।

ঈশান কিষাণ প্লেয়িং ইলেভেনত ৰোহিত শৰ্মাতকৈ ভাল বিকল্প হ’ব পাৰে, এই প্ৰশ্নত ক্ষুব্ধ হৈ পৰে কোহলী। তেওঁ উত্তৰত কয়, ‘ৰোহিত শৰ্মাই আগৰ মেচত আমাৰ বাবে কি কৰিছে সেয়া জানিও আপুনি ৰোহিত শৰ্মাক টি২০ আন্তঃৰাষ্ট্ৰীয় টীমৰ পৰা বাহিৰ কৰিব পাৰিবনে।’ কোহলীয়ে কয়, ‘বিশ্বাস কৰিব নোৱাৰি। যদি আপোনাক বিতৰ্ক লাগে তেন্তে প্ৰথমেই কৈ দিয়ক।’

কোহলীয়ে মেচৰ পিছত কয়, ‘আমি সঠিকভাৱে ৰণনীতি প্ৰস্তুত কৰিব নোৱাৰিলো। ইয়াৰ কৃতিত্ব পাকিস্তানৰ বলাৰৰ। তেওঁলোকে বলেৰে সুন্দৰ আৰম্ভণি কৰে আৰু ২০ ৰানত ৩টা উইকেট হেৰুওৱাৰ ফলত আমাৰ আৰম্ভণি ভাল নাছিল। আমাক ৰান লাগিছিল, কিন্তু তেওঁলোকে কোনো সুবিধা নিদিলে। প্ৰথমাৰ্ধত লেহেমীয়া গতিৰ খেল আৰু ১০ অভাৰৰ পিছত দ্বিতীয়াৰ্ধত দ্ৰুতগতি লাগিছিল যদিও সেয়া সহজ নাছিল। আমাক ১৫–২০ ৰান অতিৰিক্ত ৰান প্ৰয়োজন আছিল যাৰ বাবে আমাক ভাল আৰম্ভণিৰ প্ৰয়োজন আছিল, কিন্তু পাকিস্তানৰ বলাৰে আমাক সেই অতিৰিক্ত ৰান বনাবলৈ নিদিলে। এয়া টুৰ্ণামেণ্টৰ কেৱল প্ৰথমখন খেল, অন্তিম নহয়।’

শেহতীয়া বাতৰি