• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs PAK T20 World Cup: মহম্মদ ছামীক সমালোচনা কৰাসকলে পাক ক্ৰিকেটাৰৰ এই মেছেজ পঢ়ক, চকু খোল খাব

IND vs PAK T20 World Cup: মহম্মদ ছামীক সমালোচনা কৰাসকলে পাক ক্ৰিকেটাৰৰ এই মেছেজ পঢ়ক, চকু খোল খাব

তেওঁক গালিও দিয়া হৈছে। দল আৰু দেশৰ প্ৰতি তেওঁৰ আনুগত্যক লৈও বিভিন্ন কথা কোৱা হৈছে।

তেওঁক গালিও দিয়া হৈছে। দল আৰু দেশৰ প্ৰতি তেওঁৰ আনুগত্যক লৈও বিভিন্ন কথা কোৱা হৈছে।

তেওঁক গালিও দিয়া হৈছে। দল আৰু দেশৰ প্ৰতি তেওঁৰ আনুগত্যক লৈও বিভিন্ন কথা কোৱা হৈছে।

  • Share this:
টী২০ বিশ্বকাপ ২০২১ ( IND vs PAK T20 World Cup 2021)ত পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পিছৰে পৰা মহম্মদ ছামীক (Mohammad Shami) ছচিয়েল মিডিয়াত টাৰ্গেট কৰি লৈছে একাংশই। তেওঁক গালিও দিয়া হৈছে। দল আৰু দেশৰ প্ৰতি তেওঁৰ আনুগত্যক লৈও বিভিন্ন কথা কোৱা হৈছে। এই সময়ত বীৰেন্দ্ৰ ছেহৱাগ, শচীন তেণ্ডুলকাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে ছামীৰ পক্ষত থিয় হৈছে। এতিয়া পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানেও সমৰ্থন দিছে মহম্মদ ছামীক। ৰিজৱানে এটা টুইটৰ জৰিয়তে ছামীক সমৰ্থন কৰিছে আৰু ছচিয়েল মিডিয়াত তেওঁক টাৰ্গেট কৰাসকলক চোকা সমালোচনা কৰিছে।

ৰিজৱানে টুইট কৰিছে – ‘‘যিধৰণৰ চাপ, সংঘৰ্ষ আৰু ত্যাগ এগৰাকী খেলুৱৈয়ে নিজৰ দেশ আৰু নিজৰ মানুহৰ বাবে খেলৰ জৰিয়তে কৰিব লাগে, সেয়া অনুমানো কৰিব নোৱাৰি। মহম্মদ ছামী এজন ষ্টাৰ আৰু বিশ্বৰ উল্লেখযোগ্য বলাৰসকলৰ অন্যতম। অনুগ্ৰহ কৰি নিজৰ ষ্টাৰক সন্মান কৰক। এই খেলে মানুহক ওচৰ চপাই অনা উচিত, বিভাজন অনা হ’ব নালাগে।’’



ৰিজৱানে দেওবাৰে ভাৰতৰ বিৰুদ্ধে ৫৫ বলত অপৰাজিত ৭৯ ৰান কৰিছিল। তেওঁ নিজৰ ইনিংছত ৩টা ছয় আৰু ৬টা চাৰি কোবাইছিল। ৰিজৱানে অধিনায়ক বাবৰ আজমৰ সৈতে মিলি জয়ৰ বাবে প্ৰয়োজনীয় ১৫২ ৰানৰ লক্ষ্যত ১৮সংখ্যক অভাৰতে উপনীত কৰাইছিল।
Published by:Sanjay Kumar Das
First published: