আজি মেলবৰ্ণত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপৰ চুপাৰ-১২-ৰ এক উত্তেজনাপূৰ্ণ মেচত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ জয়লাভ কৰে।
ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি পাকিস্তানক প্ৰথমে বেট ধৰিবলৈ দিয়াত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানৰ দলটোৱে ৮ টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ শ্বাহ মাচুদ আৰু ইফটিখাৰ আহমেদে অৰ্ধ শতক অৰ্জন কৰে।
১৬০ ৰাণৰ লক্ষ্য লৈ বেটিঙত নমা ভাৰতীয় দলটোৱে মাত্ৰ ৭ অভাৰতে ৩৩ ৰাণ সংগ্ৰহ কৰি ৪ টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই চাপৰ সন্মুখীন হৈছিল যদিও বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বলত ভাৰতে পাকিস্তানৰ বলাৰক এক প্ৰকাৰ ধৰাশায়ী কৰি তোলে। ইয়াৰ লগে লগে দলটোৱে যোৱা বছৰ বিশ্বকাপত ১০ টা উইকেট হেৰুৱাৰ প্ৰতিশোধো ল'বলৈ সক্ষম হয়।
প্লেয়াৰ অ’ৱ দ্যা মেচ অৰ্জন কৰা বিৰাট কোহলীয়ে ৫৩ টা বলত ৬ টা চাৰি আৰু ৪ টা ছয়ৰে সৈতে সংগ্ৰহ কৰে ৮২ ৰাণ।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|