• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs ENG 5th Test: ৰুট-বেয়াৰষ্ট'ৰ শতকেৰে ইংলেণ্ডে সৃষ্টি কৰিলে ইতিহাস, সপোন ভাঙিল দ্ৰাবিড়-বুমৰাহৰ ...

IND vs ENG 5th Test: ৰুট-বেয়াৰষ্ট'ৰ শতকেৰে ইংলেণ্ডে সৃষ্টি কৰিলে ইতিহাস, সপোন ভাঙিল দ্ৰাবিড়-বুমৰাহৰ ...

জো ৰুট আৰু জনি বেয়াৰষ্ট'ৰ উজ্জ্বল শতকৰ বাবে ইংলেণ্ডে এজবাষ্টন টেষ্টত টীম ইণ্ডিয়াক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে বেন ষ্ট'কছৰ নেতৃত্বত আয়োজক দলটোৱে টেষ্ট শৃংখলা২-২ ত ড্ৰ কৰিবলৈ সক্ষম হয়।

  • Share this:
জো ৰুট আৰু জনি বেয়াৰষ্ট'ৰ উজ্জ্বল শতকৰ বাবে ইংলেণ্ডে এজবাষ্টন টেষ্টত টীম ইণ্ডিয়াক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে বেন ষ্ট'কছৰ নেতৃত্বত আয়োজক দলটোৱে টেষ্ট শৃংখলা২-২ ত ড্ৰ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডে চতুৰ্থ ইনিংছত মাত্ৰ তিনিটা উইকেট হেৰুৱাই ৩৭৮ ৰাণ সংগ্ৰহ কৰি অভিলেখ লক্ষ্য প্ৰাপ্ত কৰে। পঞ্চম দিনা, ইংলেণ্ডক জয়ৰ বাবে ১১৯ ৰাণৰ প্ৰয়োজন আছিল। ৰুট-বেয়াৰষ্ট'ৰ বিস্ফোৰক ইনিংছে ইংলেণ্ডক মধ্যাহ্ন ভোজনৰ আগতে খেলখন সমাপ্ত কৰাত সহায় কৰে। চতুৰ্থ ইনিংছত জো ৰুটে অপৰাজিত ১৪২ ৰাণ আৰু জনি বেয়াৰষ্টোৱে অপৰাজিত ১১৪ ৰাণ সংগ্ৰহ কৰে।

ভাৰতীয় দলটোৱে ১৫ বছৰৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা জিকাৰ সোণালী সুযোগ হেৰুৱাইছে। ২০০৭ চনৰ আৰম্ভণিতে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা১-০ গ'লত জিকিছিল।

১৪৫ বছৰৰ ইতিহাসত পঞ্চমবাৰৰ বাবে ইংলেণ্ডৰ দলটোৱে টেষ্ট ক্ৰিকেটত ৩০০ বা ততোধিক লক্ষ্য অৰ্জন কৰিছে। ভাৰতৰ বিৰুদ্ধে, ইংলেণ্ডৰ দলটোৱে ইয়াৰ টেষ্ট ইতিহাসৰ আটাইতকৈ ডাঙৰ লক্ষ্য অনুসৰণ কৰিছে। তেওঁলোকে ইয়াৰ আগতে ২০১৯ চনত লিডছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৫৯ ৰাণ সংগ্ৰহ কৰি খেলখন জিকিছিল।
Published by:Kokil Sarma
First published: