• Home
  • »
  • News
  • »
  • sports
  • »
  • Women's World Cup: বিশাল স্ক'ৰেৰে বিশাল বিজয় ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ! স্মৃতি মান্ধানা-হৰমনপ্ৰীতৰ শতকেৰে শক্তিশালী WIক পৰাস্ত কৰিলে ভাৰতে ...

Women's World Cup: বিশাল স্ক'ৰেৰে বিশাল বিজয় ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ! স্মৃতি মান্ধানা-হৰমনপ্ৰীতৰ শতকেৰে শক্তিশালী WIক পৰাস্ত কৰিলে ভাৰতে ...

File Photo

File Photo

হেমিল্টনত অনুষ্ঠিত মহিলা বিশ্বকাপৰ (Women’s World Cup ) খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজক (India vs West Indies) ১৫৫ ৰাণত পৰাস্ত কৰে। এইটো এই বিশ্বকাপত টীম ইণ্ডিয়াৰ দ্বিতীয় জয়।

  • Share this:
হেমিল্টনত অনুষ্ঠিত মহিলা বিশ্বকাপৰ (Women’s World Cup ) খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজক (India vs West Indies) ১৫৫ ৰাণত পৰাস্ত কৰে। এইটো এই বিশ্বকাপত টীম ইণ্ডিয়াৰ দ্বিতীয় জয়। ছেডন পাৰ্কত খেলা খেলখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ৩১৭ ৰাণৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰে। লক্ষ্যৰ পিছে পিছে ৱেষ্ট ইণ্ডিজ দলটোৱে ৪০.৩ অভাৰত ১৬২ ৰাণ সংগ্ৰহ কৰিব পাৰে। ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ হৈ স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰে সুন্দৰ বেটিং কৰি শতক অৰ্জন কৰে। স্মৃতিয়ে ১২৩ ৰাণ আৰু হৰমনে ১০৯ ৰাণ সংগ্ৰহ কৰে।

ৰাণাই তিনিটা উইকেট দখল কৰে
দুয়োজন প্ৰাৰম্ভিক বেটছমেন পেভিলিয়নলৈ উভতি অহাৰ পিছত, বলাৰসকলে ৱেষ্ট ইণ্ডিজক বেকফুটত ঠেলি ভাৰতক মেচখনত শক্তিশালী স্থিতি দিয়ে। এই জয়ৰ পিছত, টীম ইণ্ডিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে, আনহাতে ভাৰতে প্ৰতিযোগিতাখনৰ এই ছিজনত এতিয়ালৈকে অপৰাজিত হৈ থকা কেৰিবিয়ান দলৰ বিজয়যাত্ৰাক স্তব্ধ কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি