বুধবাৰে প্ৰকাশিত শেহতীয়া আইচিচি এদিনীয়া ৰেংকিঙত নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাত ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু শুভমান গিলে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পৰা লাভান্বিত হৈছে। শৃংখলাটোত আয়াৰৰ অৰ্ধশতকে তেওঁক ছয়টা স্থান আৰু গিলক তিনিটা স্থান ক্ৰমে ২৭ আৰু ৩৪ তম স্থানলৈ উন্নীত কৰিছে। অৱশ্যে, দ্বিতীয় আৰু তৃতীয় এদিনীয়াত বৰষুণৰ বাবে ভাৰতীয় দলটো শৃংখলাটো ০-১ত পৰাজিত হৈছে।
সঞ্জু চেমছনে এদিনীয়া শৃংখলাত মাত্ৰ এটা সুযোগ পাইছে। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত তেওঁ সংগ্ৰহ কৰে ৩৬ ৰাণ। এইটোৱে তেওঁক ১০ টা স্থান জঁপিয়াই ৮২ তম স্থানলৈ আগুৱাই অহাত সহায় কৰিছিল।
অৱশ্যে শিখৰ ধাৱানে আৰম্ভণিৰ এদিনীয়াত অৰ্ধশতক অৰ্জন কৰাৰ পিছতো দুটা স্থান হেৰুৱাইছে। শৃংখলাটোৰ বাবে বিশ্ৰাম লোৱা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ক্ৰমান্বয়ে অষ্টম আৰু নৱম স্থানলৈ পিছুৱাই গৈছে। নিউজিলেণ্ডৰ টম লাথাম আৰু কেন উইলিয়ামছনেও ৰেংকিং উন্নত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|