உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Harbhajan Singh Retirement: ক্ৰিকেটক বিদায় জনালে হৰভজন সিঙে, ৰাজনীতিৰ পথাৰত খেলিব পাৰে নতুন ইনিংছ

    Harbhajan Singh Retirement: ক্ৰিকেটক বিদায় জনালে হৰভজন সিঙে, ৰাজনীতিৰ পথাৰত খেলিব পাৰে নতুন ইনিংছ

    এনেকুৱা খবৰো ওলাইছে যে হৰভজনে পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত (Congress) যোগদান কৰিব পাৰে।

    এনেকুৱা খবৰো ওলাইছে যে হৰভজনে পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত (Congress) যোগদান কৰিব পাৰে।

    এনেকুৱা খবৰো ওলাইছে যে হৰভজনে পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত (Congress) যোগদান কৰিব পাৰে।

    • Share this:
    ভাৰতৰ তাৰকা স্পীনাৰ হৰভজন সিঙে (Harbhajan Singh) ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে। ৪১ বছৰীয়া হৰভজন সিঙে ভাৰতৰ হৈ ৭১১টা উইকেট দখল কৰিছিল। টাৰ্বানেটৰ নামেৰে জনপ্ৰিয় হৰভজন সিঙে ৰাজনীতিৰ পথাৰত নিজৰ নতুন ইনিংছ আৰম্ভ কৰিব পাৰে। শেহতীয়াকৈ তেওঁৰ ফটো পঞ্জাব কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধুৰ (Navjot Singh Siddhu) সৈতে ভাইৰেল হৈছিল। এনেকুৱা খবৰো ওলাইছে যে হৰভজনে পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত (Congress) যোগদান কৰিব পাৰে।

    হৰভজন সিঙে টুইটাৰত সন্যাস লোৱাৰ কথা ঘোষণা কৰি লিখিছে, ‘সকলো ভাল বস্তু শেষ হৈ যায় আৰু আজি মই সেই খেলৰ পৰা বিদায় ল’লো, যিয়ে মোক জীৱনত সকলো দিছে, মই সেইসকলক ধন্যবাদ জনাব বিচাৰিছো, যিসকলে এই ২৩ বছৰীয়া দীঘলীয়া যাত্ৰাক সুন্দৰ আৰু স্মৰণীয় কৰি তুলিলে, আপোনালোকলৈ অন্তৰৰ পৰা ধন্যবাদ।’ আইপিএল ২০২১ৰ প্ৰথম পৰ্যায়ত হৰভজন সিঙে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল যদিও লীগৰ ইউএই পৰ্যায়ত তেওঁ এখনো মেচ খেলাৰ সুযোগ নাপালে।

    নতুন আইপিএল ফ্ৰেঞ্চাইজীৰ সৈতে জড়িত হ’ব পাৰে হৰভজন

    এনে ধৰণৰ খবৰো ওলাইছে যে আইপিএৰ আগন্তুক ছিজনত (IPL-2022) কোনো ডাঙৰ ফ্ৰেঞ্চাইজীৰ ছাপ’ৰ্ট ষ্টাফ হিচাপে জড়িত হ’ব পাৰে হৰভজন। টীম ইণ্ডিয়াক দুখন বিশ্বকাপত জিকোৱা এই তাৰকা স্পীনাৰগৰাকীক পঞ্চাব আৰক্ষীয়ে প্ৰায় ১০ বছৰ পূৰ্বে ডিএছপিৰ পদ অফাৰ কৰিছিল। অৱশ্যে তেওঁ কেতিয়াও সেয়া স্বীকাৰ কৰা নাই। হৰভজন সিঙে ভাৰতৰ হৈ নিজৰ অন্তিমখন খেল খেলিছিল ২০১৬ চনত। বিগত ৫ বছৰ ধৰি তেওঁ দলৰ পৰা বাহিৰত আছে।

    সুন্দৰ কেৰিয়াৰ হৰভজন সিঙৰ

    হৰভজন সিঙে ১৯৯৮ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ হৈ টেষ্ট ডেব্যু কৰিছিল। তেওঁ ভাৰতৰ হৈ ১০৩খন টেষ্ট মেচত ৪১৭টা উইকেট লৈছে। ভাজ্জীয়ে দুটা শতৰানসহ ২২৩৫ ৰানো সংগ্ৰহ কৰিছে। ২৩৬খন এদিনীয়া মেচত তেওঁৰ নামত আছে ২৬৯টা উইকেট। টি২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৮খন মেচত ২৫টা উইকেট দখল কৰিছে তেওঁ। অনিল কুম্বলে (৬১৯), কপিল দেৱ (৪৩৪) আৰু ৰবিচন্দ্ৰন অশ্চিন (৪২৭)ৰ পিছত হৰভজন সিং ভাৰতৰ হৈ আটাইতকৈ বেছি উইকেট দখল কৰিছে। আইপিএলত আছে ১৫০টা উইকেট।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: