হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্ব ইনিংছ আৰু ডেভিড মিলাৰৰ আক্ৰমণাত্মক বেটিঙেৰে গুজৰাট টাইটানছে আই পি এল ২০২০ কোৱালিফায়াৰ ১ (Gujarat Titans vs Rajasthan Royals, Qualifier 1)ত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়।
ৰাজস্থান ৰয়েলছৰ দ্বাৰা দিয়া নিৰ্ধাৰিত ১৮৯ ৰাণৰ লক্ষ্যৰ পিছ লৈ গুজৰাটে ১৯.৩ অভাৰত ৩ টা উইকেট হেৰুৱাই ১৯১ ৰাণ সংগ্ৰহ কৰে। পৰাজয় স্বত্বেও, ৰাজস্থানৰ ফাইনেলত উপনীত হোৱাৰ আৰু এটা সুযোগ আছে। তেওঁলোকে এতিয়া কোৱালিফায়াৰ ২ ত এলিমিনেটৰৰ বিজয়ী দলৰ মুখামুখি হ'ব।
গুজৰাটৰ হৈ ডেভিদ মিলাৰে ৩৮ টা বলত অপৰাজিত ৬৮ ৰাণ কৰে আৰু হাৰ্ডিক পাণ্ডিয়াই ২৭ টা বলত অপৰাজিত ৪০ ৰাণ সংগ্ৰহ কৰে। দুয়োজনে চতুৰ্থ উইকেটৰ বাবে ১০৬ ৰাণৰ অপৰাজিত যুটী বান্ধি দলৰ বিজয় সুনিশ্চিত কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|