Glenn Maxwell Marriage: মেক্সৱেল আৰু ৱিনী দীঘলীয়া সময় ধৰি একেলগে আছে। ২০২০ চনতে দুয়োৰে ৰিং চেৰিমনীও হৈ গৈছিল। কিন্তু কোৰোণাৰ কাৰণে দুয়োৰে বিয়া বাৰম্বাৰ পিছুৱাই থাকিবলগীয়া হৈছিল।
Glenn Maxwell Marriage: মেক্সৱেল আৰু ৱিনী দীঘলীয়া সময় ধৰি একেলগে আছে। ২০২০ চনতে দুয়োৰে ৰিং চেৰিমনীও হৈ গৈছিল। কিন্তু কোৰোণাৰ কাৰণে দুয়োৰে বিয়া বাৰম্বাৰ পিছুৱাই থাকিবলগীয়া হৈছিল।
IPLৰ মাজতে বিবাহপাশত আবদ্ধ হ'ল অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল (Glenn Maxwell Marriage) । যোৱা ১৮ মাৰ্চত বৈববাহিক জীৱনৰ পাতননি মেলিলে মেক্সৱেলে। ভাৰতীয় মূলৰ প্ৰে.সী ৱিনী ৰমন (Vinny Raman)ৰ সৈতে বিবাহপাশত আবদ্ধ হয় ক্ৰিকেটাৰজন। মেক্সৱেলৰ বিয়াৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।
এই ভিডিঅ'টোত মেক্সৱেলে তামিল ৰীতি-নীতি অনুসৰি বিয়া পতা দেখা গৈছে। ভিডিঅ'টোত মেক্সৱেলক অতি আনন্দিত দেখা গৈছে। খেলুৱৈ দৰাজনে বিয়াৰ সময়ত ভাৰতীয় দৰাৰ দৰে শ্বেৰৱানী পিন্ধা দেখা গৈছে। দৰা মেক্সৱেলৰ হাতত বিয়াৰ বৰমালাও দেখা গৈছে। লগতে বৰমালা লৈ নাচি আছে মেক্সৱেলে।
মেক্সৱেল আৰু ৱিনী দীঘলীয়া সময় ধৰি একেলগে আছে। ২০২০ চনতে দুয়োৰে ৰিং চেৰিমনীও হৈ গৈছিল। কিন্তু কোৰোণাৰ কাৰণে দুয়োৰে বিয়া বাৰম্বাৰ পিছুৱাই থাকিবলগীয়া হৈছিল। আঙুঠি পিন্ধোৱাৰ দুই বছৰ পিছত এতিয়াহে দুয়ো বাবাহপাশত আবদ্ধ হৈছে। ৱিনী ৰমনে নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে বিয়াৰ বাতৰি দিলে। পোষ্টটোত ৱিনীয়ে লিখিছিল- মিষ্টাৰ এণ্ড মিছেছ মেক্সৱেল।
ভাৰতীয় মূলৰ ৱিনী এটা তামিল পৰিয়ালৰ যুৱতী। ৱিনীৰ জন্ম আৰু শিক্ষা সকলো অষ্ট্ৰেলিয়াতে হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|